নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন ৰাজ্যসমূহে অনুসৰণ কৰক অসমৰ কেঞ্চাৰ কেয়াৰ মডেল

নিয়মীয়া বাৰ্তা ৪ অক্টোবৰঃ  ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিত দেওবাৰে আন এক সংযোজন ঘটিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত মুকলি কৰা হ’ল পেট এম আৰ আই শাখা৷ এই অত্যাধুনিক পেট এম আৰ আই শাখা হৈছে দেশৰ ভিতৰতে চতুর্থ অত্যাধুনিক সুবিধা৷ দেওবাৰে ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত এই অত্যাধুনিক পেট এম আৰ আই শাখা উদ্বোধন কৰে উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৱে৷ ইয়াৰ পাছতে জি এম চি এইচৰ প্রেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ভাষণ প্রদান কৰি উপ–ৰাষ্ট্রপতিগৰাকী কর্কট ৰোগীৰ চিকিৎসাৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ শলাগ লয়৷

গ্রামাঞ্চলত কর্কটৰ আধুনিক চিকিৎসা প্রদানৰ বাবে চৰকাৰৰ সৈতে ব্যক্তিগত খণ্ডক সহযোগিতা কৰিবলৈ আহ্বান জনাই উপ–ৰাষ্ট্রপতিগৰাকী কয়– ‘এই ব্যৱস্থাই যে কেৱল সঠিক চিকিৎসাতে সহায় কৰিব এনে নহয়, বৰঞ্চ বিকিৰণৰ ফলত হোৱা ৰোগীৰ ক্ষতিৰ পৰিমাণো হ্রাস কৰিব৷ এইটো ভাৰতৰ চতুর্থ তথা পূর্বাঞ্চলৰ প্রথমটো টাইম অৱ ফ্লাইট প্রযুক্তিৰে নির্মাণ কৰা যন্ত্র৷ এই উন্নতমানৰ আৰু অত্যাধুনিক সা–সুবিধা থকা প্রতিষ্ঠানসমূহৰ জৰিয়তে কর্কট ৰোগীসকলে ঘৰৰ ওচৰতে চিকিৎসা সেৱা লাভ কৰিব আৰু তেওঁলোকৰ চিকিৎসা ব্যয়ৰ পৰিমাণো হ্রাস পাব৷’

অসমীয়াতে ভাষণ আৰম্ভ কৰি উপ–ৰাষ্ট্রপতিগৰাকী চিকিৎসক আৰু স্বাস্থ্যকর্মীসকল ৰাষ্ট্রৰ প্রতি সমর্পিত মনোভাবেৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়৷ ক’ভিড মহামাৰীৰ সময়ত চিকিৎসক–নার্ছ–স্বা আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰি তেওঁ সমাজৰ প্রতিজন ব্যক্তিক এক সুস্থ জীৱনশৈলী গঢ় দিবলৈও আহ্বান জনায়৷ বিশেষকৈ পশ্চিমীয়া খাদ্যাভ্যাস পৰিত্যাগ কৰি পৰম্পৰাগতভাৱে চলি অহা স্বাস্থ্যসন্মত খাদ্যহে গ্রহণত গুৰুত্ব আৰোপ কৰি উপ–ৰাষ্ট্রপতিগৰাকী কয়– ‘ক’ভিড মহামাৰীয়ে আমাক বহু কথা শিকাই থৈ গ’ল৷ আমি স্বাস্থ্য ৰক্ষাৰ বাবে সদায় যোগ অথবা ব্যায়াম কৰাটো উচিত৷ এক সুস্থ জীৱনশৈলীৰ মাজেৰে জীয়াই থাকিবলৈ আমি চেষ্টা কৰিব লাগে৷ ক’ভিডে শিকোৱা আন এটা কথা হ’ল যে আমি সদায় স্বাস্থ্যসন্মত খাদ্যহে গ্রহণ কৰিব লাগে৷ জাংক ফুড পৰিত্যাগ কৰি পূর্বপুৰুষসকলে পৰম্পৰাগতভাৱে গ্রহণ কৰি অহা স্বাস্থ্যসন্মত খাদ্য আমি গ্রহণ কৰা উচিত৷ পিজ্জা–বার্গাৰ আদিৰ দৰে খাদ্য আদি আমাৰ শৰীৰৰ বাবে উপকাৰী নহয়৷ পশ্চিমীয়া দেশসমূহৰ বতৰৰ সৈতে এই খাদ্যসমূহ হয়তো উপযোগী হ’বও পাৰে, কিন্তু ভাৰতৰ দৰে দেশৰ বতৰৰ সৈতে এই খাদ্য কেতিয়াও খাপ নাখায়৷ সেয়েহে চিকিৎসক সমাজৰ আগশাৰীৰ ব্যক্তি–সংবাদ মাধ্যম আদিয়ে জাংক ফুডৰ অপকাৰিতা সন্দর্ভত সজাগতা সৃষ্টি কৰিব লাগে৷ স্বাস্থ্যসন্মত খাদ্য আৰু স্বাস্থ্যসন্মত জীৱনশৈলীৰে জীয়াই থাকিলেহে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰিম৷ আমি নিজকে আৰু আমাৰ সন্তানসকলক সুৰক্ষিত কৰি ৰখাৰ বাবে ড্রাগ্ছ অথবা নিচাযুক্ত সামগ্রী গ্রহণৰ পৰা বিৰত থাকিব লাগে৷’

তেওঁ সুস্থ জীৱনশৈলীত গুৰুত্ব সম্পর্কীয় বিষয় বিদ্যালয়ৰ পাঠ্যক্রমসমূহত অন্তর্ভুক্ত কৰিবলৈও ৰাজ্য চৰকাৰসমূহলৈ আহ্বান জনায়৷ এই সন্দর্ভত তেওঁ কয় যে ইয়াৰ জৰিয়তে কর্কটকে ধৰি বিভিন্ন অসংক্রমণজনিত ৰোগ প্রতিৰোধৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা পদক্ষেপৰ বাবে শলাগ লৈ ৰাজ্য চৰকাৰে কেঞ্চাৰ কেয়াৰৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপক আন ৰাজ্যসমূহক মডেল হিচাপে গ্রহণ কৰিবলৈও উপ–ৰাষ্ট্রপতি নাইডুৱে আহ্বান জনাইছে৷ ইপিনে দেশৰ প্রতিখন জিলাত অতি কমেও এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে প্রধানমন্ত্রীয়ে জনোৱা আহ্বানৰ কথা দোহাৰি তেওঁ এইক্ষেত্রত অসম চৰকাৰে লোৱা পদক্ষেপৰ ভূয়সী প্রশংসা কৰে৷

উল্লেখ্য যে জি এম চি এইচৰ এই কার্যসূচীৰ পূর্বে তেওঁ ‘মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্য কেন্দ্র’ মুকলি কৰে৷ এই কেন্দ্রটো মুকলি কৰিবলৈ পাই উপ–ৰাষ্ট্রপতিগৰাকী যথেষ্ট আনন্দিত বুলি প্রকাশ কৰি কয় যে এই কেন্দ্রটোৱে অসমৰ ইতিহাস পুনৰ ৰচনা কৰিব৷ নৱপ্রজন্মক পৰম্পৰা–সংস্কৃতি শিকোৱা যথেষ্ট প্রয়োজন আছে৷ এই কেন্দ্রই নৱপ্রজন্মক অসমৰ ইতিহাস আৰু পৰম্পৰা তথা সংস্কৃতি আৰু সমন্বয়ৰ কথা জনাত সহায় কৰিব বুলি উল্লেখ কৰি উপ–ৰাষ্ট্রপতিগৰাকী অসমৰ লোক–সংগীতৰো উষ্ম প্রশংসা কৰে৷ কেন্দ্রটো মুকলি অনুষ্ঠানত পৰিৱেশন কৰা লোক–সংগীত শুনি তেওঁ আপ্লুত হৈ পৰিছে বুলিও উল্লেখ কৰে৷

ইফালে এই অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে ক’ভিড মহামাৰীৰ বাবে সমগ্র বিশ্বই এক কঠিন সময় পাৰ কৰিছে৷ ৰাজ্যত থকা স্বাস্থ্যখণ্ডৰ ব্যৱস্থালৈ এই মহামাৰীয়ে এক বৃহৎ প্রত্যাহ্বান কঢ়িয়াই আনিছে৷ কর্কট–কিড্নী–হূদ–য্ অসুখত ভুগি থকা লোকসকলৰ ক্ষেত্রত ক’ভিডে অধিক সমস্যাৰ সৃষ্টি কৰিছে৷ ক’ভিডৰ সময়ছোৱাত যোগাযোগ ব্যৱস্থা সম্পূর্ণৰূপে ব্যাহত হৈ পৰাৰ ফলত এনে গুৰুতৰ ৰোগত আক্রান্ত লোকসকলক প্রভাৱান্বিত কৰিছে৷ উপ–ৰাষ্ট্রপতিগৰাকী ৰাজ্যিক কর্কট প্রতিষ্ঠানখনত পেট এম আৰ আই শাখা মুকলি কৰাৰ লগে লগে ৰাজ্যৰ স্বাস্থ্যখণ্ডত আন এক মাইলৰ খুঁটি স্থাপন হ’ল বুলিও তেওঁ প্রকাশ কৰে৷

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে উন্নত স্বাস্থ্য সেৱা উপলব্ধ কৰিবলৈ সদায়েই চেষ্টা কৰি আহিছে৷ নতুনকৈ উদ্বোধন কৰা এই পেট এম আৰ আই শাখাই ৰাজ্যৰ কর্কট ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্রত সহায়ক হ’ব৷ মুঠ ৬২ কোটি টকা ব্যয় সাপেক্ষে টাইম অৱ ফ্লাইট প্রযুক্তিৰে এই পেট এম আৰ আই স্থাপন কৰা হৈছে৷ ৰাজ্যৰ ভিতৰতে কর্কট ৰোগৰ ব্যয়সাধ্য চিকিৎসা ব্যৱস্থা উপলব্ধ কৰাটোৱে আমাৰ মূল লক্ষ্য৷ কর্কট ৰোগীসকলে যাতে চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যাব নালাগে, তাৰ বাবে এই আন্তঃগাঁথনিৰ ব্যৱস্থা কৰা হৈছে৷ আই চি এম আৰৰ তথ্য অনুসৰি ২০২০ বর্ষত ৰাজ্যত ৫২ হাজাৰ নতুন কর্কট ৰোগী চিনাক্ত হৈছে৷ ৰাজ্য চৰকাৰে ২০১৮ চনত টাটা ষ্ট্রাষ্টৰ সৈতে কর্কট হাস্পতাল স্থাপন কৰিবলৈ এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল৷ এই চুক্তি অনুসৰি টাটা ষ্ট্রাষ্টে চিকিৎসাৰ বাবে প্রয়োজনীয় সঁজুলি প্রদান কৰিব আৰু অসম চৰকাৰে চিকিৎসালয় নির্মাণ কৰিব৷ এই চিকিৎসালয়সমূহ পর্যায়ক্রমে নির্মাণ কৰা হ’ব৷ প্রথম পর্যায়ত ১০খন কর্কট প্রতিষ্ঠান নির্মাণ কৰা হ’ব৷ গুৱাহাটী, ডিব্রুগড়, বৰপেটা, যোৰহাট, লখিমপুৰ, তেজপুৰ, কোকৰাঝাৰ, শিলচৰ, ডিফু আৰু মঙলদৈত প্রথম পর্যায়ত কর্কট হাস্পতাল নির্মাণ কৰা হ’ব৷ এই হাস্পতালসমূহ ২০২২ৰ ভিতৰত কার্যক্ষম হৈ উঠিব৷ অহা ডিচেম্বৰৰ ভিতৰত এই প্রতিষ্ঠানসমূহৰ নির্মাণৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ কর্কট প্রতিষ্ঠানসমূহত এই ৰোগৰ চিকিৎসাৰ বাবে উন্নতমানৰ সঁজুলি, যেনে– ট’মো থেৰাপী, লিনিয়াৰ এক্সিলেৰেটৰ, এম আৰ আই গাইডেড আদি স্থাপন কৰা হ’ব৷

আনহাতে প্রধানমন্ত্রীৰ আয়ুস্মান ভাৰত আৰু অটল অমৃত অভিযান সন্দর্ভত ভাষণ প্রসংগত উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে প্রধানমন্ত্রীৰ আয়ুস্মান ভাৰতৰ জৰিয়তে বিভিন্ন ৰোগৰ চিকিৎসাৰ ক্ষেত্রত হিতাধিকাৰীসকলে সুবিধা লাভ কৰি আহিছে৷ অসম চৰকাৰে অটল অমৃত অভিযানৰ জৰিয়তে নিজাকৈ কর্কটকে ধৰি কেইবাটাও গুৰুতৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্রত প্রতিবছৰে ৫ লাখ টকা পর্যন্ত হিতাধিকাৰীসকলক প্রদান কৰি আহিছে৷ এই দুই আঁচনিৰ অধীনত ৰাজ্যৰ প্রায় ৯২ শতাংশ লোকক সামৰি লোৱা হৈছে৷ একে সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ প্রতিখন জিলাত একোখনকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপনৰ বাবে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপ সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘এই আঁচনিৰ পূর্ণ সুযোগ আমি গ্রহণ কৰিছোঁ৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ যৌথ সম্পদ ব্যৱহাৰ কৰি ইতিমধ্যে আমি ৫খন চিকিৎসা মহাবিদ্যালয় নতুনকৈ আৰম্ভ কৰিছোঁ৷ ৭খন চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্য প্রায় সম্পূর্ণ হোৱাৰ পথত৷ যোৱা বাজেটত ৮খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে প্রস্তাৱ লোৱা হৈছে৷ ইয়াৰ লগে লগে ৰাজ্যত মুঠ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২৩খনলৈ বৃদ্ধি পালে৷’

ইফালে ক’ভিড মহামাৰীৰ সময়ত আগবঢ়োৱা সেৱাৰ বাবে চিকিৎসক, নার্ছ আৰু স্বাস্থ্যকর্মীসকলৰ তেওঁ শলাগ লয়৷ চিকিৎসক–নার্ছৰ আপ্রাণ চেষ্টাৰ বাবে অসমত ক’ভিডত মৃত্যুৰ হাৰ ১ শতাংশৰ তলত আছিল বুলিও তেওঁ প্রকাশ কৰে৷ সমান্তৰালভাৱে ক’ভিডৰ সংকটৰ সময়ত অসমে উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহলৈ আগবঢ়োৱা সহায়ৰ কথা উল্লেখ কৰি ড০ শর্মাই কয়– ‘ক’ভিডৰ সংক্রমণৰ সময়ত আমাৰ ৰাজ্যৰ চাহিদা পূৰণ কৰাৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহক আমি অক্সিজেন যোগান ধৰিছিলোঁ৷ ৰাজ্যৰ লোকসকলৰ উপৰি দেশৰ ভিন্ন প্রান্তত থকা অসমৰ লোকসকলক ৰেমডিচিভিৰ বেজী আমি যোগান ধৰিছিলোঁ৷ তদুপৰি ক’ভিডত পিতৃ–মাতৃক হেৰুওৱা শিশুসকলৰ বিনামূলীয়া শিক্ষাৰ লগতে আন সকলো সা–সুবিধা ৰাজ্য চৰকাৰৰ পৰা প্রদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ক’ভিডত স্বামীহাৰা হোৱা মহিলাসকলক আঢ়ৈ লাখ টকাৰ এককালীন সাহায্য প্রদান কৰা হৈছে৷ একেদৰে ক’ভিডত মৃত্যুবৰণ কৰা লোকসকলৰ পৰিয়াললৈ এক লাখ টকাৰ আর্থিক সাহায্য প্রদান কৰিবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে৷’ আজিৰ অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা উপস্থিত থাকে৷

You might also like