নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Batadrawa News : গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ গুণ্ডাবাহিনীৰ আক্ৰমণত আহত বৃদ্ধা

Batadrawa News : বটদ্ৰৱাৰ ভোমোৰাগুৰিত ডকাইতৰ ৰূপত গাওঁৰক্ষী বাহিনীৰ সম্পাদক। এগৰাকী বৃদ্ধাক মাৰপিট কৰি লৈ গ’ল এক লাখ টকা। গাঁওৰক্ষী বাহিনীৰ সম্পাদক আবুল হুছেইনৰ নেতৃত্বত ছয়জনীয়া এটা গুণ্ডাবাহিনীৰ দলে আক্ৰমণ কৰে ৭০ বছীয়া বৃদ্ধাগৰাকীক। আঘাতপ্ৰাপ্ত বৃদ্ধাগৰাকীৰ নাম ছান মিঞা। তেওঁৰ ঘৰ বটদ্ৰৱাৰ বাতমাৰীত।

গৃহ নিৰ্মাণৰ সামগ্ৰী ক্ৰয় কৰিবলৈ শান্তিজান বজাৰলৈ গৈ থকা অৱস্থাত গাঁওৰক্ষী বাহিনীৰ সম্পাদক আবুল হুছেইনৰ নেতৃত্বত আক্ৰমণ কৰে বৃদ্ধাগৰাকীক। বৃদ্ধাগৰাকীক বটদ্ৰৱা প্ৰাথমিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে বৃদ্ধাগৰাকীক।

ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটো। উল্লেখ্য যে গাঁওৰক্ষী বাহীনীৰ সম্পাদক আবুল হুছেইন POCSO গোচৰত গ্রেপ্তাৰ হৈ কেইদিনমান পূর্বে জেল-হাজোতলৈ গৈছিল। জেলৰ পৰা ওলাই আহিয়েই আবুলে গুণ্ডাবাহিনী লৈ সংঘটিত কৰে এই ঘটনা।

Niyomiya Barta Desk, 21 August

You might also like