দেশৰ ন্যায় ব্যৱস্থাক অপমান ! অক্ষয়-আৰ্শ্বাদলৈ আদালতৰ চমন
নিউজ ডেস্ক, ২১ আগষ্ট : ন্যায়পালিকাক অপমান কৰাৰ অভিযোগ দাখিল কৰা হৈছে অক্ষয় কুমাৰ আৰু আৰ্শ্বাদ ৱাৰ্ছিৰ বিৰুদ্ধে। পুনেৰ আদালতত দুই তাৰকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। তেওঁলোকৰ আগন্তুক ছবি ‘জলি এল এল বি ৩’ক লৈ সমস্যাৰ সূত্ৰপাত হৈছে। ৱাজেদ ৰহিম খান নামৰ এজন অধিবক্তাই তেওঁলোকৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰিছে। যাৰ বাবে আদালতে তাৰকা দুজনলৈ চমন জাৰি কৰিছে।
কেৱল অক্ষয় আৰু আৰ্শ্বাদ ৱাৰ্ছিয়েই নহয়, ছবিখনৰ পৰিচালক সুভাষ কাপুৰৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে অধিবক্তাগৰাকীয়ে। ২৮ অক্টোবৰৰ পুৱা ১১ বজাত আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে অভিনেতা দুগৰাকীৰ লগতে পৰিচালকক। ৱাজেদ ৰহিমে দাবী কৰিছে যে ছবিখনত দেশৰ ন্যায়পালিকাক অপমান কৰা কিছুমান দৃশ্য দেখুওৱা হৈছে। আদালতৰ কাম-কাজৰ ধৰণ-কৰণক উপহাস কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে। ছবিখনৰ এটা দৃশ্যত বিচাৰকক ‘মামা’ বুলি সম্বোধন কৰা হৈছে, এই শব্দক লৈয়ে আপত্তি জনায় অধিবক্তা ৱাজেদ ৰহিম খানে।
সংবাদ মাধ্যমৰ সন্মুখত অধিবক্তা ৱাজেদ ৰহিম খানে কয়- “আইনজীৱীক সন্মান কৰা উচিত। ছবিখনত অধিবক্তা আৰু ন্যায়াধীশৰ বিষয়ে যি দেখুওৱা হৈছে, সেয়া সম্পূৰ্ণ ভুল। সেইবাবেই মই পুনে আদালতত অভিযোগ দাখিল কৰিছোঁ। সেই অভিযোগৰ ভিত্তিত অক্ষয়, আৰ্শ্বাদ আৰু পৰিচালকক আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে।”