নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত বি এড পাঠ্যক্রম চৰকাৰৰ!

  • এইবছৰৰ পৰা বড়ো মাধ্যমত একাদশ–দ্বাদশ শ্রেণীত পাঠদান

নিয়মীয়া বাৰ্তা, ২৮ মে’: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বিএড পাঠ্যক্রম প্রৱর্তন কৰাৰ প্রস্তুতি চলাইছে ৰাজ্য চৰকাৰে৷ আজি সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ মন্ত্রী ডাঃ পেগুৱে কয় যে বর্তমান ৰাজ্যখনত কর্মৰত বহু শিক্ষকৰে বিএড ডিগ্রী নাই৷ মুক্ত আৰু ডিষ্টেন্স মোডত বিএড ডিগ্রী আহৰণৰো ব্যৱস্থা ৰাজ্যখনত নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত আজি তেওঁ কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ত উপস্থিত হৈ সেই সম্পর্কীয় এখন বৈঠকত মিলিত হয়৷ উচ্চ শিক্ষাৰ লগতে বিদ্যালয় শিক্ষাৰ ক্ষেত্রতো বিএড ডিগ্রীৰ প্রয়োজনীয়তা আছে৷ সেয়ে চৰকাৰে বিদ্যালয় আৰু উচ্চ শিক্ষাৰ মুক্ত শিক্ষাৰ প্রচলন কৰিব বিচাৰিছে৷ এই সম্পর্কত চৰকাৰে অচিৰেই এছ’পি এখন প্রকাশ কৰিব৷ তদুপৰি এখন ছেমিনাৰো অনুষ্ঠিত কৰা হ’ব৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বিএড পাঠ্যক্রম প্রৱর্তন কৰাৰ ক্ষেত্রত নেচনেল কাউঞ্চিল অৱ টিচাৰ এডুকেচন (এনচিটিই)ৰ অনুমোদন লাগিব৷ অৱশ্যে তাৰ পূর্বে চৰকাৰে কেইটামান চর্ত পূৰণ কৰিব লাগিব৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সম্পর্কত কেন্দ্রীয় শিক্ষামন্ত্রীৰ লগত কথা পাতিব বুলি জানিবলৈ দি মন্ত্রী ডাঃ পেগুৱে কয় যে এনচিটিই–এ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বিএড পাঠ্যক্রম প্রৱর্তনৰ অনুমোদন দিব বুলি তেওঁ আশাবাদী৷ সেইদৰে এই বছৰৰ পৰাই একাংশ বিদ্যালয়ত একাদশ শ্রেণীৰ পৰা বড়ো মাধ্যমত পাঠদান আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে৷ ইতিমধ্যে একাদশ শ্রেণীৰ বাবে বড়ো মাধ্যমত পাঠ্যপুথি প্রস্তুত কৰা হৈছে৷ সেইদৰে ষষ্ঠ শ্রেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান ইংৰাজী মাধ্যমত আৰম্ভ কৰাৰ সম্পর্কত তেওঁ কয় যে কোনো ছাত্র–ছাত্রীয়ে বা শিক্ষকে যদি এইক্ষেত্রত অসুবিধা পায়, তেতিয়াহ’লে জিলা পর্যায়ত বিদ্যালয় পৰিদর্শকে সিদ্ধান্ত গ্রহণ কৰিব৷ এই বিষয়ক লৈ আছু, এবছু আদিৰ সৈতে তেওঁ অচিৰেই এখন বৈঠকত মিলিত হ’ব বুলি জানিবলৈ দিয়ে৷

You might also like