নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুৰ ভাবুকিৰ মাজতে অসুস্থ দ্য কেৰালা ষ্ট’ৰীৰ পৰিচালক সুদীপ্ত সেন

নিয়মীয়া বাৰ্তা, ২৮ মে’: বহু চর্চিত–বিতর্কিত দ্য কেৰালা ষ্ট’ৰীৰ পৰিচালক সুদীপ্ত সেন অসুস্থ হৈ চিকিৎসাধীন হৈছে৷ লাভ জেহাদ সম্পর্কীয় বিষয়বস্তুক লৈ নির্মাণ কৰা চলচ্চিত্রখনৰ বাবে মৃত্যুৰ ভাবুকি পোৱাৰ মাজতে পৰিচালক সুদীপ্ত সেন অসুস্থ হৈ চিকিৎসালয়ত ভর্তি হৈছে৷ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত চিকিৎসাধীন হৈ থকা পৰিচালক সুদীপ্ত সেনে প্রকাশ কৰা মতে ডিহাইড্রেচনত ভোগাৰ বাবেই তেওঁ অসুস্থ হৈ পৰে আৰু চিকিৎসালয়ত ভর্তি হ’বলগীয়া হয়৷ বর্তমান কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালয়ত চিকিৎসা চলাই থকা সেন সুস্থ হৈ উঠিছে৷ শীঘ্রে তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়া হ’ব বুলিও প্রকাশ পাইছে৷

You might also like