নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুভাৰম্ভণিৰ পূৰ্বে নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত-জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি দুপৰীয়া হঠাৎ উপস্থিত হৈ মেডিকেলখন পৰিদৰ্শন কৰা লগতে ইয়াৰ অভাৱ-অভিয়োগৰ বুজ লয়। উল্লেখ‍্য যে নলবাৰীৰ ঘগ্ৰাপাৰৰ সমীপৱৰ্তী দক্ষিণগাঁৱত ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত কলেজখনক ১৪  মাৰ্চত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ স্বীকৃতি দিছে। উক্ত মেডিকেলখনত ইতিমধ্যে চিকিৎসা সেৱা চলি আছে। আজি আকস্মিকভাৱে দুয়োগৰাকী মন্ত্ৰীয়ে একে লগে মেডিকেলখন পৰিদৰ্শন কৰি নলবাৰী মেডিকেল কলেজৰ অধ‍্যক্ষ ডঃ যোগেশ শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰ অন্তত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ১৪ এপ্ৰিলত ব’হাগ বিহুৰ আৰম্ভণিতে নলবাৰী চিকিৎসা মহাবিদ্যালয়খন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী শুভ উদ্বোধন কৰিব। লগতে মন্ত্ৰীগৰাকীয়ে অহা ছেপ্টেম্বৰ আৰু অক্টোবৰ ভিতৰত এম বি বি এছ পাঠ্যক্ৰমৰ বাবে ১০০গৰাকী শিক্ষাৰ্থীক নামভৰ্তি কৰিব পাৰিব বুলি সদৰী কৰা উপৰি মেডিকেল কলেজখনৰ প্ৰয়োজনীয় অভাৱ অভিয়োগসমুহ শীঘ্ৰে দুৰ হব বুলি মন্তব্য কৰে। লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াসকলৰ ৰক্ষাকবচ হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।ইফালে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমৰ চিকিৎসা খণ্ডৰ বাবে এয়া আন এক মাইলষ্ট’ন বুলি অভিহিত কৰি এবছৰৰ ভিতৰতে চাৰিখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটোক ঐতিহাসিক আখ্যা বুলি অভিহিত কৰে। লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী মেডিকেল কলেজখন স্বীকৃতি পোৱাৰ ক্ষেত্ৰত নলবাৰী কলেজৰ যিসকল ব‍্যক্তি তথা বিষয়া-কৰ্মচাৰী আৰু নলবাৰীৰ ৰাইজৰ সহায়োগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আজিৰ মন্ত্ৰী দুয়োগৰাকীৰ পৰিদৰ্শন কালত সংগ দিয়ে বিধায়ক জিতু গোস্বামী, চিকিৎসা শিক্ষা সঞ্চালক অনুপ বৰ্মন, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সুভাষ চন্দ্ৰ শৰ্মা, অগপ সাধাৰণ সম্পাদক দিলীপ কুমাৰ দাস আদিয়ে।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like