নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুমুহাত তচনচ ডিব্ৰুগড় মেডিকেল : চিকিৎসাধীনৰ বাবে আইচিইউত ৩১টাকৈ জেনেৰেটৰ

বিশেষ বাৰ্তা, ২৮মাৰ্চঃ কালি বিয়লি অহা এজাক কাল ধুমুহাই তচনচ কৰি থৈ গল ডিব্ৰুগড় চহৰ। চহৰখনৰ অসম মেডিকেল কলেজ চৌহদ তথা প্ৰৱেশ পথতেই হৈছে সৰ্ব্বাধিক ক্ষতি। মেডিকেললৈ যোৱা প্ৰধান পথটো আজি মুকলি হল যদিও বিদ্যুতৰ খুটাসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠা নাই। মেডিকেলৰ পিজি হোষ্টেলত (পুৰণা) গছ উভালি ছাত্ৰবাসৰ যথেষ্ট ক্ষতি হৈছে, যদিও কোনো লোকৰ প্ৰাণ হানি হোৱা বাতৰি অহা নাই। আনহাতে বৰ্তমানো ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ। চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত বৰ্তমানে বৃহৎ বৃহৎ গছ উভালি পৰি ৰোৱাৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটা এতিয়াও পৰি আছে। যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ চিকিৎসা মহাবিদ্যালয়তে নাই বিদ্যুৎ সংযোগ। যাৰ ফলত চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগত চিকিৎসাধীন হৈ থকা ৰোগী সকলে বহুত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে জৰুৰী অস্ত্ৰোপচাৰ বাতিল কৰিব লগা হোৱাত হাহাকাৰ পৰিস্থিতিৰ স্বৃষ্টি হৈছে। ইফালে মেডিকেলৰ আইচিইউত চিকিৎসাধীনসকলৰ বাবে ৩১টাকৈ জেনেৰেটৰ কালিৰে পৰা চলাই ৰাখিব লগা হৈছে যদিও বিভাগ সমুহত এক অন্ধকাৰ পৰিৱেশে বিৰাজ কৰিছে। পিজি হোষ্টেলকে আদি কৰি কেইবাটাও চৰকাৰী কোৱাটাৰ গছ পৰি ধ্বংস হৈছে।হোষ্টেলকে ধৰি আবাসিক অঞ্চলটো একেই অৱস্থা। জানিব পৰামতে জৰুৰীকালীন অস্ত্ৰপ্ৰচাৰ বাহিৰে বাতিল কৰিছে আন সকলো অস্ত্ৰোপ্ৰচাৰ। এনে এক জটিল সন্ধিক্ষণত চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই কয় যে মেডিকেলৰ বহিঃবিভাগ সম্পূৰ্ণৰুপে খোলা থাকিব,লগতে ৰোগীয়ে চিকিৎসা সেৱাও লাভ কৰিব।কেৱল কম জৰুৰী অস্ত্ৰোপচাৰ সমূহ সাময়িকভাৱে স্থগিত ৰখা হব আৰু বিদ্যুৎৰ ব্যৱস্থা সুস্থিৰ হলেই সেইবিলাক পৰ্যায়ক্ৰমে কৰা হব। ৩১টাকৈ জেনেৰেটৰ দিনে-নিশাই চলাই ৰাখি ৰোগীক শুশ্ৰষা কৰাৰ লগতে চিকিৎসা সেৱা প্ৰদান কৰা হব বুলি কৈ এনে সময়ত সকলোকে বিচলিত নহবলৈ অধীক্ষক ডাঃ দিহিঙীয়াই আহৱান জনায়। ইফালে কালি অহা বিধ্বংসী ধুমুহাত জিলাখনৰ চাৰিটা ৰাজহ চক্ৰৰ মুঠ ৩৫খন গাওঁ ক্ষতিগ্ৰস্ত হৈছে।লগতে ৬টা সম্পূৰ্ণ কেচা ঘৰ, ৩৯টা আংশিক পকা ঘৰ, ৫৪৫টা আংশিকভাৱে কেচা ঘৰৰ ক্ষতিসাধন হোৱাৰ লগতে মুঠ ২৯৬১গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে।পূৱ ডিব্ৰুগড় চহৰ, মৰাণ, টেঙাখাত আৰু টিংখাঙত বিধ্বংসী ধুমুহাত যথেষ্ট ক্ষতি হোৱা বুলিও চৰকাৰী সূত্ৰত প্ৰকাশ।

প্ৰেৰক বিভাস দুৱৰা

You might also like