নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বোধনী অনুষ্ঠানৰ বৰ্ণাঢ্য আয়োজন আইপিএলৰ : অৰিজিতৰ পৰা কেটৰিনা…

বিশেষ বাৰ্তা, ২৮ মার্চঃ বহু প্রত্যাশিত ইণ্ডিয়ান প্রিমিয়াৰ লীগলৈ মাজত মাত্ৰ তিনি দিন৷ দীর্ঘদিনৰ পিছত জাকজমকতাৰে প্রতিযোগিতাখন আৰম্ভ হ’ব৷ বিগত তিনি বছৰ ক’ৰোনাৰ বাবে কেৱল মুম্বাই আৰু পুনেত অনুষ্ঠিত হৈছে বিশ্বৰ অন্যতম চহকী প্রতিযোগিতাখন৷ বিগত বছৰকেইটাত কোনো উদ্বোধনী অনুষ্ঠানৰো আয়োজন কৰা হোৱা নাছিল৷ কিন্তু এইবাৰ পুনৰ আই পি এল অনুষ্ঠিত হ’ব হোম এণ্ড এৱে ফৰমেটত৷ প্রতিযোগিতাখনলৈ উভতি আহিব উদ্বোধনী অনুষ্ঠান৷ ৩১ মার্চত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মেচেৰে এইবাৰৰ আই পি এল আৰম্ভ হ’ব৷ নিয়ম অনুসৰি যোৱাবাৰৰ চেম্পিয়ন দলটোৱে প্রথমখন মেচত খেলিব৷ সেই মেচৰ পূর্বে অনুষ্ঠিত হ’ব আকর্ষণীয় উদ্বোধনী অনুষ্ঠান৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত এই অনুষ্ঠান অনুষ্ঠিত হ’ব৷ জানিব পৰা মতে উদ্বোধনী অনুষ্ঠানত বলীউডৰ বহু শিল্পীৰ সমাৱেশ ঘটিব৷ অনুষ্ঠানত ৰশ্মিকা মান্ধানা আৰু তামান্না ভাটিয়াই অনুষ্ঠান পৰিৱেশন কৰিব৷ তদুপৰি গীত গাব অৰিজিৎ সিঙে৷ টাইগাৰ শ্রফ আৰু কেটৰিণা কাঈফেও অনুষ্ঠানত অংশগ্রহণ কৰিব৷ কর্তৃপক্ষই প্রকাশ কৰা মতে আই পি এলৰ প্রথমখন মেচৰ টিকট ইতিমধ্যে শেষ হৈছে৷

You might also like