নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উখল-মাখল ম’হঘুলি চাপৰিঃ আৰম্ভ হ’ল ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু

নিয়মীয়া বাৰ্তা, ১৩ মেঃ ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু উৎসৱ।আহোম ৰাজত্ব কালৰে পৰা নিজস্ব বৈশিষ্ট্য আৰু স্বকীয় পৰম্পৰাৰে উদযাপন কৰি অহা ঢকুৱাখনাৰ স্বাভিমান ফাটবিহুক লৈ সমগ্ৰ ঢকুৱাখনাত সৃষ্টি হৈছে উখল-মাখল পৰিৱেশ।সংস্কৃতিৰ মিলনতীৰ্থত পৰিণত হ’ল শুকুৰবাৰে ঢকুৱাখনাৰ আয়োখৰেখাস্বৰূপ চিৰপ্ৰবাহিত চাৰিকড়ীয়া নৈৰ উত্তৰপাৰে অৱস্থিত ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি।এফালে বতৰৰ প্ৰতিকূল পৰিস্থিতি কিন্তু তাৰ মাজতো বিহু বলিয়া ঢকুৱাখনাবাসী হিলদল ভাঙি ওলাই আহিল ঢকুৱাখনাৰ ম’হঘুলি চাপৰিলৈ। চিৰপ্ৰবাহিত চাৰিকৰীয়া নদীৰ পাৰৰ ম’হঘুলি চাপৰিৰ নৈসৰ্গিক পৰিৱেশত অহা ১৫ মে’লৈকে প্ৰদৰ্শিত হ’ব বিভিন্ন জাতি-জনগোষ্ঠীৰ মেটমৰা কৃষ্টি-সংস্কৃতি।পুৱাৰ পৰা প্ৰৱল বৃষ্টিপাতকো নেওচি শ শ বিহুবলীৱা ৰাইজৰ উপস্থিতিত ঢোল, পেঁপা, তাল, গগনা আৰু বিহুৱা বিহুৱতীৰ জাত জাত বিহুনামেৰে মুখৰিত হৈ পৰা উখল-মাখল পৰিৱেশত নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ  ন ফাট বিহুৰ পতাকা উত্তোলনেৰে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচী শুভাৰম্ভ কৰে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই।দুপৰীয়া ফাটবিহুৰ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা টকা বিহু দল আৰু চেমনীয়া বিহু হুঁচৰি দল সমূহক বিহুতলিলৈ আদৰি আনে উদযাপন সমিতিয়ে।ইয়াৰ পিছতেই মঞ্চ মুকলি কৰে প্ৰবীণ সাংবাদিক তথা বিশিষ্ট নাগৰিক জগদীশ গগৈয়ে । বিয়লিলৈ ৪০ টাৰো অধিক টকা বিহু দলে অংশগ্ৰহণ কৰা টকা বিহু প্ৰতিযোগিতা উদ্ধোধন কৰে শিক্ষয়িত্ৰী কল্পনা সেনাপতি বৰুৱাই। কাইলৈ অৰ্থাৎ ১৪ মে’ৰ দ্বিতীয় কাৰ্য্যসূচী অনুসৰি পুৱা ৯.৩০ বজাত কপৌফুল ৰোপণ । এই বৃক্ষৰোপণ কাৰ্য্যসূচীত জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃ শিক্ষক প্ৰবীন দত্তই অংশ লব । পুৱা ১০ বজাত গামোচা প্ৰতিযোগিতা । এই গামোচা প্ৰতিযোগিতাখন উদ্বোধন কৰিব সমাজ সেৱীকা ঘিলামৰাৰ কল্পনা ভৰালী দেৱীয়ে ৷ দুপৰীয়া ১২ বজাত জনগোষ্ঠীয় হুঁচৰি প্ৰতিযোগিতা । বিয়লি ২ বজাত ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ ” বিহুৱান ” উন্মোচন । ” বিহুৱান ” উন্মোচন কৰিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথে  ।।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like