বংগ অভিমুখী টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, ৰাজপথতে জ্বলি ভস্মীভূত
গোসাঁইগাঁৱৰ কচুগাঁওৰ ৰাইখংবাৰী অঞ্চলত ২৭ নং ৰাষ্ট্ৰীয় পথ এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বংগ অভিমুখে গৈ থকা এখন তেলভৰ্তি টেংকাৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় পথত বাগৰি পৰে আৰু মুহূৰ্ততে জুয়ে ছানি ধৰে।
দৃশ্যটো ইমানেই ভয়ংকৰ আছিল যে মুহূৰ্ততে কলা ধোঁৱাই সমগ্ৰ কচুগাঁও অঞ্চল আৱৰি ধৰে। প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি, টেংকাৰখনত দুজন লোক থকা সন্দেহ কৰা হৈছে, যদিও এই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰীভাৱে নিশ্চিত কৰা হোৱা নাই।
ঘটনাস্থলীত দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈছিল যদিও জুই নিয়ন্ত্ৰণত আনিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। তেল ছিটিকি পৰাৰ ফলত প্ৰায় ৫০০ মিটাৰ ৰাষ্ট্ৰীয় পথ জ্বলি যায়।
অগ্নিকাণ্ডৰ ফলত ৰাষ্ট্ৰীয় পথত সম্পূৰ্ণৰূপে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। বৰ্তমানলৈকে জুই জ্বলি থকা বুলি জানিব পৰা গৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উদ্ধাৰকাৰী দল তৎপৰ হৈ আছে।
ঘটনাক লৈ সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে।
ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী