মুম্বাইৰ হাস্পতালত ভৰ্তি ছেলিম খান, পিতৃৰ ওচৰত বলীউডৰ ভাইজান ছলমান খান
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : ছলমান খানৰ পিতৃ তথা প্ৰবীণ চিত্ৰনাট্যকাৰ ছেলিম খানক মুম্বাইৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগী আৰু চলচ্চিত্ৰ জগত চিন্তিত হৈ পৰিছে।
উল্লেখ্য যে বলীউডৰ অভিনেতা ছলমান খানৰ পিতৃ তথা প্ৰখ্যাত চিত্ৰনাট্যকাৰ ছেলিম খান অসুস্থ বুলি খবৰ প্ৰকাশ পাইছে। ছেলিম খানক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই খবৰে অনুৰাগীক ব্যথিত কৰি তুলিছে । অনুৰাগীৰ লগতে চলচ্চিত্ৰ জগতৰ লোকে তেওঁৰ স্বাস্থ্যক লৈ গভীৰ চিন্তা ব্যক্ত কৰাৰ লগতে আশু আৰোগ্য কামনা কৰিছে।
প্ৰখ্যাত চিত্ৰনাট্যকাৰ ছেলিম খানক হাস্পতালত ভৰ্তিৰ কাৰণ আৰু তেওঁৰ স্বাস্থ্যৰ বিষয়ে এতিয়াও বিশদ তথ্য লাভ কৰা হোৱা নাই যদিও তেওঁৰ পুত্ৰ ছলমান খান আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলে হাস্পতালত গৈ উপস্থিত হৈছে।
সংবাদ সংস্থাৰ খবৰ অনুসৰি ছেলিম খানক লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁ হাস্পতালখনৰ আই চি ইউত আছে।
ছেলিম খানৰ শেহতীয়া স্বাস্থ্য সম্বন্ধীয় খবৰৰ বাবে অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে বাট চাইছে । অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই পৰিয়ালে । ছেলিম খানে ৰুটিন চেকআপৰ বাবে চিকিৎসালয়লৈ গৈছে নে কোনো গুৰুতৰ অসুস্থতাৰ বাবে গৈছে, সেয়া এতিয়াও নিশ্চিত কৰা নাই পৰিয়ালে ।