নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱশ্ৰেষ্ঠ মানুহে গছ কাটিবহে জানে : পদ্মশ্ৰী যাদৱ পায়েং

ঢকুৱাখনাৰ গোবিন্দপুৰ মজলীয়া বিদ্যালয়ত পৰিৱেশ সজাগতা সভা

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ : ‘ৰাজনীতি-ধৰ্মনীতি-অৰ্থনীতি আৰু সমাজনীতি এই সকলোৰে ঊৰ্ধত প্ৰকৃতি৷ গছপুলি ৰোপণ কৰিলেই নহ’ব তাক প্ৰতিপালনো কৰিব লাগিব।’ -এই মন্তব্য অৰণ্য মানৱ,পদ্মশ্ৰী যাদৱ পায়েঙৰ। ঢকুৱাখনাৰ গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ উদ্যোগত আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত পৰিৱেশ সজাগতা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অৰণ্য মানৱখ্যাত পায়েঙে কয় যে এই পৃথিৱীত জীৱ-জন্তু, চৰাই-চিৰিকটি আদিকে ধৰি সকলোৱে গছ ৰুব জানে। কেৱল জীৱশ্ৰেষ্ঠ মানুহে গছ ৰোৱাৰ বিপৰীতে কেৱল গছ কাটিবহে জানে। জীৱ-জন্তু আৰু গছ-গছনি সুৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ ভিতৰতে অসমতেই এখন অতি শক্তিশালী আইন আছে বুলি ভাষণত উল্লেখ কৰি তেওঁ লগতে কয় যে বন্য জীৱ-জন্তুক বধ কৰিলে সেই মুহূৰ্ততে শাস্তি বিহাৰ নিয়ম আছে ৷ ঠিক সেইদৰে গছ কাটিলেও শাস্তি বিহাৰ নিয়ম আছে৷ কিন্তু তৎস্বত্বেও প্ৰশাসন বা বন বিভাগে এইসমূহক সুৰক্ষা দিব নোৱাৰা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰে।বিশিষ্ট প্ৰকৃতিবিদ দেৱজিত ফুকনৰ তত্ত্বগধুৰ তথা সাৱলীল আদৰণি ভাষনেৰে আৰম্ভ হোৱা সজাগতা সভাখনত যাদৱ পায়ঙে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি গভীৰ শংকা প্ৰকাশ কৰি বিশ্বত ভয়াৱহভাৱে বৃদ্ধি পোৱা প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ে প্ৰতিজন লোককে সজাগ হ’বলৈ আহ্বান জনাই তেওঁ কয়- আমাৰ চাৰিওফালে থকা মাটি, পানী, বায়ু আদি প্ৰাকৃতিক বাতাৱৰণ এটাৰ মাজত মানৱ সমাজে জীৱন নিৰ্বাহ কৰে। মানৱ সমাজৰ বিকাশৰ বাবে প্ৰাকৃতিক ভাৰসাম্যৰ দৰকাৰ। পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত গছ-গছনিয়ে মুখ্য ভূমিকা লৈছে। গছ-গছনি অবিহনে এই সুন্দৰ পৃথিৱীখন মৰুত পৰিণত হ’ব, ধ্বংস হ’ব প্ৰাণীজগত, পৃথিৱীত নানা মহামাৰীয়ে দেখা দিব। এই বিপদসমূহৰ পৰা ৰক্ষা পাবৰ বাবে মানুহক বৃক্ষৰোপণৰ প্ৰতি সচেতন হ’বলৈও তেওঁ আহ্বান জনায়।ভাষণত তেওঁ কয়, জীৱশ্ৰেষ্ঠ মানৱৰ কৰ্মকাণ্ডৰ ফলতেই আজি প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাই পেলাইছে৷ পৃথিৱীক ৰক্ষা কৰিবলৈ হ’লে সমগ্ৰ বিশ্বক বছৰত সাত দিন একেলগে লকডাউন দিব লাগিব। তেতিয়াহে প্ৰকৃতিৰ ভাৰসাম্য অটুট থকাৰ লগতে আৰু প্ৰদূষণৰ পৰা মুক্ত হব পাৰিব বিশ্ববাসী। ভাৰতত অধ্যয়নৰ গভীৰতা নথকাৰ বাবে বিদেশী বিজ্ঞানীয়ে ভাৰতৰ পৰা বহু সম্পদ লৈ গৈ আছে বুলি তেওঁ কয়। ‘বুঢা় শালিকাই মাত নলগায়’ আপ্তবাক্য ফাঁকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি উল্লেখ কৰি নৱপ্ৰজন্মইহে প্ৰকৃতি ৰক্ষা কৰিব বুলি ব্যক্ত কৰে। বক্তব্যত তেওঁ প্ৰকৃতিয়ে ভগৱান আৰু ভগৱানে প্ৰকৃতি বুলি উল্লেখ কৰি তেওঁ আৰু কয় -ছাত্ৰ-ছাত্ৰীসকলে জন্মদিনত কেক কটাৰ সলনি এজোপা গছ ৰোপন কৰিব লাগে, যি গছে পৃথিৱীখন বচাই ৰাখিব।ভাষণ প্ৰসংগত তেওঁ অসমত এখন পৰিৱেশ বিশ্ববিদ্যালয় স্থাপনৰ পোষকতা কৰে ৷ পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা হিচাপে তেওঁ অসমত পৰিৱেশ বিশ্ববিদ্যালয় স্থাপন, প্ৰাথমিক, মাধ্যমিক পৰ্যায়ত পৰিৱেশ সম্পৰ্কীয় পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ কথা ব্যক্ত কৰে। অনুষ্ঠানত বিদ্যালয়ৰ লগতে অন্যান্য ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স’তে পদ্মশ্ৰী যাদৱ পাঙেয়ে নিজৰ অৰণ্য সৃষ্টিৰ দীঘলীয়া পৰিক্ৰমাৰ ওপৰত ভাষণ প্ৰদান কৰে ৷অনুষ্ঠানত গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দিব্য বৰুৱা,স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ লগতে নিকতৱৰ্তী কেবাখনো শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like