নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্ভট কাণ্ড বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ

দলত্যাগেই অপৰাধ ৰাইজৰ দলত যোগদান কৰা কংগ্রেছীক আবদ্ধ কৰি ৰাখিলে ৰাজীৱ ভৱনত

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ নিজে বিজেপিৰ সভাত বাৰে বাৰে উপস্থিত হৈ নিজকে কংগ্রেছী বুলি জাহিৰ কৰি অহা তিতাবৰৰ কংগ্রেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ বৃহস্পতিবাৰে সমষ্টিত দেখা গ’ল আন এক ৰূপ৷ তিতাবৰত কংগ্রেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিবলৈ অহা কংগ্রেছী নেতাক বিধায়ক বৰুৱাই যোগদান সভাৰ সভাগৃহৰ পৰা গুণ্ডাগিৰিৰে উঠাই নি ৰাজীৱ ভৱনত বন্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ উঠিছে৷ বিধায়কগৰাকীয়ে ৰাইজৰ দলৰ সভাগৃহলৈ গৈ দলটোৰ কর্মীৰ লগত তর্ক–বিতর্কত লিপ্ত হোৱাৰো অভিযোগ কৰিছে ৰাইজৰ দলৰ ৰাজ্যিক মুখপাত্র দিব্যজ্যোতি শর্মাই৷

ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নির্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা চলি থকাৰ সময়তে বিধায়ক বৰুৱাৰ এনে কর্মকাণ্ডক লৈ অঞ্চলটোত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ৰাইজৰ দলৰ মুখপাত্র দিব্যজ্যোতি শর্মাই জানিবলৈ দিয়া মতে, তিতাবৰ ষ্টেচন তিনিআলিৰ খেল ভৱনত  ৰাইজৰ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়৷ এই সভাত অগপ আৰু কংগ্রেছ ত্যাগ কৰি বহুকেইজন নেতা–কর্মী ৰাইজৰ দলত যোগদান কৰাৰ উদ্দেশ্যে সভাগৃহত বহি আছিল৷ ৰাইজৰ দলৰ কেন্দ্রীয় সাধাৰণ সম্পাদক অংকুৰ শইকীয়াৰ উপস্থিতিত যোগদান সভা চলি থকাৰ সময়তে তিতাবৰৰ বিধায়ক বৰুৱা সভাগৃহত উপস্থিত হৈ ১০গৰাকী কংগ্রেছ নেতা–কর্মীক বলপূর্বক উঠাই নিয়ে আৰু তেওঁলোকক ৰাজীৱ ভৱনত আবদ্ধ কৰি ৰাখে৷ কংগ্রেছৰ নেতা–কর্মীসকলক সভাগৃহৰ পৰা উঠাই অনাৰ সময়ত বিধায়ক বৰুৱাই ৰাইজৰ দলৰ কর্মীসকলৰ লগতো তর্ক–বিতর্কত লিপ্ত হোৱাৰ অভিযোগ কৰিছে ৰাইজৰ দলৰ মুখপাত্র শর্মাই৷

You might also like