নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌতুকবিহীন বিয়াত উপহাৰ নল’লে ভৃগুজিতে

🔹 অনুকৰণীয় দৃষ্টান্ত ভৱানীপুৰৰ যুৱকৰ
🔹 ফটকা ফুটুৱাৰ সলনি দহ হাজাৰ টকা দান অনাথ শিশুৰ নামত
🔹 আমন্ত্ৰিত প্ৰতিগৰাকীকে দিলে গছপুলি উপহাৰ

নিয়মীয়া বাৰ্তা,  ১১ মে’ : ভৱানীপুৰৰ কলবাৰী গাঁও নিৱাসী যুৱক ভৃগুজিৎ দাসে নিজৰ বিয়াত দেখুৱালে এক অনুকৰণীয় দৃষ্টান্ত। সম্প্ৰতি চি আই এছ এফ অৰ্থাৎ কেন্দ্ৰীয় ঔদ্যোগিক সংৰক্ষিত বাহিনীৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে ৰাজধানী দিল্লীত কৰ্তব্যৰত কলবাৰী গাঁৱৰ বাসিন্দা প্ৰয়াত বিনোদ দাস আৰু হিমানী দাসৰ পুত্ৰ ভৃগুজিৎ দাসে বাক্সা জিলাৰ জালাহৰ বাসিন্দা মুনমী নাথৰ সৈতে নিজৰ যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ওলোৱাৰ প্ৰাকক্ষণত দেখুওৱা অনুকৰণীয় এনে দৃষ্টান্তক অঞ্চলটোৰ ৰাইজে একমুখে শলাগ লোৱা পৰিলক্ষিত হৈছে। যুৱক ভৃগুজিৎ দাসে বিবাহ উপলক্ষে আজি তেওঁৰ কলবাৰী গাঁৱৰ নিজৰ গৃহস্থলী ‘বিনোদ কুটীৰ’ত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল। যুৱকগৰাকীয়ে ইতিমধ্যে নিজৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰত ‘আপোনাৰ শুভকামনা উপহাৰতকৈ বেছি মূল্যৱান’ বুলিও ঘোষণা কৰিছে। কইনা পক্ষৰ পৰাও যুৱকগৰাকীয়ে ইতিমধ্যে কোনোধৰণৰ যৌতুক নোলোৱাৰ কথা ঘোষণা কৰিছে। লক্ষণীয়ভাৱে যুৱকগৰাকীয়ে তেওঁৰ বিবাহ উপলক্ষে ফটকা, আতচবাজীৰ নামত হ’বলগীয়া খৰচ দহ হাজাৰ টকা অনাথ শিশুসকলৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কালিয়েই এই ধনৰাশি তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত পাঠশালাৰ অনাথ শিশুসকলৰ আশ্ৰিত গৃহ ‘তপোবন’ কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰিছে। তদুপৰি বিবাহ উপলক্ষে গেৰুৱাপাৰৰ গৃহত হোৱা এক উদুলি-মুদুলি পৰিৱেশৰ মাজতে যুৱকগৰাকীয়ে প্ৰায় ৮০০গৰাকী আমন্ত্ৰিতৰ প্ৰত্যেকৰে হাতত তুলি দিছে বকুল, নাহৰ, মহানিম, ডালিম, বেদনা আদিকে ধৰি মূল্যৱান গছৰ একোটাকৈ পুলি। উল্লেখ্য যে সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ত পঢ়ি থকা কালতেই এছ এফ আই অৰ্থাৎ ভাৰতীয় গণতান্ত্ৰিক ছাত্ৰ ফেডাৰেচনৰ সৰুপেটা শাখাৰ সম্পাদকৰ দায়িত্ব বহন কৰা যুৱকগৰাকীয়ে উক্ত সংগঠনৰ জৰিয়তে প্ৰগতিশীল চিন্তা-ধাৰণাৰে সৈতে জড়িত হৈ পৰা কাৰণেই প্ৰচলিত ব্যৱস্থাৰ বিপৰীতে চিন্তা কৰিবলৈ সাহস পোৱাৰ কথা জানিবলৈ দিলে। যুৱক ভৃগুজিৎ দাসে বৈবাহিক জীৱনত ধনৰ প্ৰয়োজনীয়তাৰ কথা স্বীকাৰ কৰিও ধনেৰে ধনী হোৱাতকৈও মনেৰে ধনী হোৱাটো বেছি প্ৰয়োজন বুলি নিজৰ অভিমত ব্যক্ত কৰিলে। সামাজিক বিশৃংখলা ৰোধ আৰু এখন উন্নত সমাজ নিৰ্মাণত এনেবোৰ কাম-কাজে এক পথ প্ৰদৰ্শকৰ ভূমিকা লোৱাৰ সম্ভাৱনা থকাৰ সপক্ষে মত ব্যক্ত কৰি তেনে লক্ষ্যৰেই তেওঁ ব্যতিক্ৰমীধৰণে বিবাহৰ আয়োজন কৰাৰ কথা জানিবলৈ দিলে।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like