নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ মহাপ্ৰয়াণ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ অসমৰ বৰ্ষীয়ান ৰাজনীতিক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন আৰু নাই। ৮৯ বছৰ বয়সত আজি সন্ধিয়া ৬.২০ বজাত দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতগৰাকী। বিগত কেইবাদিনো ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ডাঃ ভূমিধৰ বৰ্মন।

৭বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা ডাঃ বৰ্মনৰ জন্ম হৈছিল ১৯৩১ চনৰ ১০ ডিচেম্বৰত নলবাৰীৰ বেলশৰত। এগৰাকী চিকিতসক ৰূপে সামাজিক জীৱন আৰম্ভ কৰা বৰ্মনে ১৯৬৭ চনত প্রথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হয় আৰু তেতিয়াৰে পৰা আমৃত্যু এগৰাকী নিষ্ঠাৱান কংগ্ৰেছ নেতা ৰূপে সমাজখনৰ লগত বিভিন্ন প্ৰকাৰে জড়িত হৈ পৰে তেওঁ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ৰাজ্যজুৰি।

You might also like