নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাতিল হ’ব বিহু অনুষ্ঠান, ক’ভিড হাস্পতাললৈ ৰূপান্তৰ কৰা হ’ব এম এম চি হাস্পতাল

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনাৰ দ্বিতীয় প্ৰবাহৰ প্ৰকোপ দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰতিদিনে ক’ৰোনা সংক্ৰমণৰ বৰ্ধিত হাৰৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চৰকাৰে ল’বলগীয়া কেইটামান পদক্ষেপৰ কথা ঘোষণা কৰে।

সেই অনুযায়ী মহেন্দ্ৰ মোহন চোধুৰী হাস্পতালখন সম্পূৰ্ণৰূপে ক’ভিড হাস্পতাল ৰূপে ব্যৱহাৰ কৰিব চৰকাৰে। তাত বৰ্তমান চিকিতসাধীন ৰোগীসকলক স্থানান্তৰ কৰা হ’ব জি এম চি এইচলৈ। অৱশ্যে প্ৰসূতি বিভাগটো তাতেই চলি থাকিব বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে।

ইয়াৰ লগতে সৰুসজাই, নেহৰু ষ্টেডিয়াম, পতঞ্জলি, এমএছএমই আমিনগাঁও, শিঙিমাৰী হাস্পতাল, কলিতাকুছি হাস্পতাল আৰু ৰহমান ইনষ্টিটিউট অৱ পেৰামেডিকেল এই গোটেইকেইখন প্ৰতিষ্ঠানকে ক’ভিড হাস্পতাললৈ ৰূপান্তৰ কৰা হ’ব অহা ৪টা দিনৰ ভিতৰতে।

খানাপাৰা, পলাশবাৰী আৰু সৰুসজাইত ক’ভিড কেয়াৰ চেণ্টাৰ গঠনৰ বাবে চিন্তা-চৰ্চা কৰি থকা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

আনহাতে কোনো জিলাত ৩০০তকৈ বেছি ক’ৰোনা সংক্ৰমণ হ’লে উক্ত ঠাইৰ বিহু অনুষ্ঠান বাতিল কৰিবলৈ জিলা উপাযুক্তক নিৰ্দেশনা দিয়া হৈছে। বৰ্তমানলৈ ৩০০ বা তাতোকৈ অধিক আক্ৰান্ত কামৰূপ মেট্ৰোক বাদ দি কোনো জিলাতে হোৱা নাই যদিও কাইলৈৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ’ব।

You might also like