নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ পৰা ৰাইজ কিদৰে পৰিত্ৰাণ পাব, তাৰ বাবে দেৱীৰ চৰণত শৰণ লোৱাৰ বাহিৰে উপায় নাইঃ ভূপেন বৰা

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ এআইউডিএফক বিজেপি সমৰ্থিত বিৰোধী দল আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ আজি সপ্তমীৰ দিনা বঙাইগাঁৱৰ মা বাঘেশ্বৰী মন্দিৰত সেৱা লৈ এআইউডিএফক তীব্ৰ সমালোচনা কৰে৷ বৰাই কয় যে উগ্ৰপন্থী সংগঠনৰ পুজি যোগানৰ উত্থাপন কৰি এআইউডিএফৰ বিৰুদ্ধে NIA ৰ তদন্তৰ পোষকতা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই একে দলৰে পৰা ধন লোৱা কাৰ্যক সমালোচনা কৰি এআইউডিএফৰ ভূমিকাক তীব্ৰ কাটাক্ষ কৰে ৷ এআইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলসহ দলীয় নেতৃত্ব সম্প্ৰতি শাসকীয় বিজেপি তোষামদৰ ৰাজনীতি কৰি অহা বুলি অভিযোগ কৰি গৰুখুটিকাণ্ডৰ পিছতো এআইউডিএফ দলে বিজেপি দলৰ প্ৰশংসাত পঞ্চমুখ হৈ থকা বুলি সমালোচনা কৰে ৷

আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই আঠুলিৰ ঠাৰত ইউপিপিএল আৰু বিপিএফক নচুৱাই বিটিআৰত আঞ্চলিকতাবাদী ৰাজনীতি ধ্বংস হোৱ বুলি অভিযোগ কৰে বৰাই৷ আগন্তক বিধানসভাৰ উপ নিৰ্বাচনত বিৰোধীয়ে বিৰোধী হৈ পৰা বুলি উল্লেখ কৰি সম্প্ৰতি ঠিকাদাৰ বিৰোধী আৰু প্ৰকৃত বিৰোধী নামৰ ৰাজ্যৰ ৰাজনীতিত দুইবিধ বিৰোধী থকা বুলি মন্তব্য কৰে বৰাই ৷ আজি বাঘেশ্বৰী মন্দিৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই দলীয় কৰ্মীসকলৰ সৈতে সেৱা জনাই মূল্যবৃদ্ধিকে ধৰি একাধিক সমস্যাই জৰুলা কৰা ৰাজ্যবাসীক পৰিত্ৰান দিয়াৰ বাবে শাসকীয় বিজেপি দলক সুমতি দিয়াৰ প্ৰাৰ্থনা কৰা বুলি জানিব দিয়ে ৷ একেদৰে ৰাজ্যবাসীৰ মংগল কামনাৰ উপৰি কংগ্ৰেছ দলক ৰাইজৰ আস্থাভাজন হিচাপে গঢ়ি তোলাৰ প্ৰাৰ্থনা কৰা বুলিও বৰাই প্ৰাৰ্থনা কৰে বুলি জনিব দিছে ৷

Input: উপানন্দ শৰ্মা, বঙাইগাঁও

You might also like