নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিয়ালত তিনি শিশুৰ নীতিক লৈ চীন চৰকাৰক সমালোচনা মহিলাৰ

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ দেশত শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পোৱাৰ পিছত কমিউনিষ্ট চীনে পুনৰ পৰিয়ালত তিনি শিশুৰ নীতি বলৱৎ কৰা ঘটনাক লৈ ক্ষুব্ধ হৈছে দেশখনৰ মহিলাসকল৷ ২০১৫ চনত এক শিশুৰ নীতি পৰিহাৰ কৰি চীনে পৰিয়ালত দুটাকৈ শিশু জন্ম দিয়াৰ অনুমতি প্রদান কৰিছিল৷ অর্থাৎ পৰিয়ালত দুটি শিশুৰ নিয়ম বলৱৎ কৰিছিল চৰকাৰে৷ শেহতীয়াকৈ শিশুৰ জন্মৰ হাৰ হ্রাস পোৱাৰ বাবে চৰকাৰে পৰিয়ালত বিতর্কিত তিনি শিশুৰ নীতি বলৱৎ কৰিছে৷ এই নীতিৰ বিৰুদ্ধে কমিউনিষ্ট ৰাষ্ট্রখনৰ মহিলাসকলে ছ’চিয়েল মিডিয়া প্লেটফর্ম ৱেইবোত তীব্র ক্ষোভ উজাৰিছে৷

চীনৰ চৰকাৰে মহিলাৰ শৰীৰ দেশখনৰ জনসংখ্যাক নিয়ন্ত্রণৰ ক্ষেত্রত ব্যৱহাৰ কৰি অহা বুলি অভিযোগ কৰিছে একাংশ মহিলাই৷ চৰকাৰৰ বাবে মহিলাসকল এতিয়া এক অস্ত্রত পৰিণত হোৱা বুলিও চৰকাৰক কঠোৰ সমালোচনা কৰিছে কেইবাগৰাকীও বিভিন্ন ক্ষেত্রৰ সৈতে জড়িত থকা মহিলাই৷ স্মর্তব্য যে ১৯৫০ৰ দশকৰ পিছত চলিত দশকটোত শিশুৰ জন্মৰ হাৰ চীনত নজিৰবিহীনভাৱে হ্রাস পাইছে৷ যাক লৈ উদ্বিগ্ণ হৈ পৰিছে দেশখনৰ কমিউনিষ্ট পার্টী৷ গতিকে মহিলাসকলক তিনিটাকৈ শিশু জন্ম দিয়াৰ অনুমতি প্রদান কৰা হৈছে বিতর্কিত আইনৰ জৰিয়তে৷ স্মর্তব্য যে চলিত বর্ষৰ মে’ মাহত এই নতুন নীতি বলৱৎ কৰা হৈছে৷ চীনা পৰিয়ালসমূহে ইয়াৰ ফলত শিশুৰ লালন–পালনৰ ক্ষেত্রত বিভিন্ন সমস্যা সৃষ্টি হ’ব বুলি অভিযোগ কৰিছে৷ লক্ষণীয়ভাৱে শিশুৰ সেৱাৰ ক্ষেত্রত এতিয়াও চীন ১০০ শতাংশ সফল হোৱা নাই৷

You might also like