বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : সংগীত আৰু মানৱপ্রেমীৰে লুইতৰ দুয়োপাৰৰ জাতীয় জীৱন চহকী কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত গণশিল্পীগৰাকীক দেশৰ অখণ্ডতাৰ মহানায়ক ৰূপে অভিহিত কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত শতবার্ষিকীৰ বছৰজোৰা উদযাপনৰ মূল অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্রী মোদীৰ মন্তব্য– দেশৰ একতা আৰু অখণ্ডতাৰ মহান নায়ক আছিল ভূপেনদা৷ সুধাকণ্ঠৰ সংগীতত প্রতিফলিত হয় এক ভাৰত শ্রেষ্ঠ ভাৰতৰ সংকল্প৷ জীৱনৰ প্রতিটো ক্ষণতে অসমী আইৰ পুত্র হিচাপে নিজকে সমর্পিত কৰিছে তেওঁ৷
উল্লেখ্য যে দুদিনীয়া কার্যসূচীৰে কালি বিয়লি ভাগত গুৱাহাটীত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে খানাপাৰাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত অংশগ্রহণ কৰি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কর্মময় জীৱন আৰু জাতিলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি কয়– ভূপেনদাৰ শতবার্ষিকী অনুষ্ঠানত অংশ লোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা৷ আমি সকলোৱে তেওঁক মৰমতে সুধাকণ্ঠ বুলি উল্লেখ কৰোঁ৷ সংগীত যেতিয়া সাধনালৈ ৰূপান্তৰিত হয়, সেই সাধনাই আমাক চুই যায়৷ সেইবাবেই ভূপেনদাৰ সংগীত সদায় বিশেষ আছিল৷ ভূপেনদা আমাৰ মাজত নাথাকিলেও তেওঁৰ গীত–স্বৰে আমাক শক্তি দিব৷ তেওঁ কয়– আজিৰ দিনটো আনন্দৰ দিনেই নহয়, এই মুহূর্ত আমাৰ বাবে অতিশয় গুৰুত্বপূর্ণ৷ যি দৃশ্য মই দেখা পাইছোঁ, যি উৎসাহ, যি জনসমুদ্র এই সকলোবোৰে প্রমাণ কৰিছে ভূপেনদা অসমৰ বাবে কি আছিল৷ যদি মই ভূপেনদাক এটা শব্দ বুলি কওঁ, তেনেহ’লে মোৰ মনত বাৰে বাৰে এটাই ধাৰণা আহে– ‘সময় হ্যে ধীৰে চলো’৷ ভূপেনদাই তেওঁৰ সুৰৰ যোগেদি ভাৰতক সংযোগ কৰাই নহয়, ভাৰতীয় প্রজন্মক আলোড়িত কৰা অমৰ ৰচনাৰ সৃষ্টি কৰিছিল৷ ড০ ভূপেন হাজৰিকাই নিজৰ সমগ্র জীৱন সংগীতৰ সেৱাত উছর্গা কৰাৰ লগতে সংগীতক তেওঁ এক আধ্যাত্মিক অনুশীলনতাৰ অংশ কৰি লৈছিল৷ তেওঁৰ এই আধ্যাত্মিক অনুশীলনতাই সকলো সময়তে আত্মাক স্পর্শ কৰে৷ দৰাচলতে সংগীত যেতিয়া সংকল্প হৈ পৰে, তেতিয়া ই সমাজৰ পথ প্রদর্শনৰ মাধ্যম হৈ পৰে৷
প্রধানমন্ত্রীয়ে কয়– ভূপেনদাৰ সংগীতত ভাৰত মাতৃৰ প্রতি গভীৰ প্রেম– এক ভাৰত, শ্রেষ্ঠ ভাৰতৰ ধাৰণাটোৰ প্রতি তেওঁৰ দায়বদ্ধতা স্পষ্ট হৈ পৰে৷ ভূপেনদা উত্তৰ–পূবত জন্মগ্রহণ কৰিছিল আৰু ব্রহ্মপুত্রৰ পৱিত্র ঢৌৱে তেওঁক সংগীত শিকাইছিল৷ কাশী বিশ্ববিদ্যালয়ে তেওঁৰ জীৱনক এক অবিৰত প্রবাহ দিলে৷ দেশৰ বিভিন্ন প্রান্ত ভ্রমণ কৰি আমেৰিকালৈ যোৱা ভূপেনদাই এজন প্রকৃত পুত্র হিচাপে অসমৰ মাটিৰ লগত কিন্তু গভীৰভাৱে সংযুক্ত হৈ থাকিল৷ তেওঁ সাধাৰণ জীৱনৰ যন্ত্রণাক সংগীতলৈ ৰূপান্তৰিত কৰিছিল আৰু তেওঁৰ সেই কণ্ঠই এতিয়াও জাতিটোক আলোড়িত কৰি ৰাখিছে৷
প্রধানমন্ত্রী মোদীয়ে সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে’ গীতটো আওৰাই কয়– এই গীতৰ অর্থ হ’ল যদি ইজনে সিজনৰ আনন্দ আৰু দুখ–যন্ত্রণা, কষ্টৰ কথা নাভাবে, তেন্তে সমাজ কেনেদৰে চলিব? ভূপেনদাৰ এই চিন্তাধাৰা কিমান গভীৰভাৱে প্রেৰণাদায়ক সেই বিষয়ে সকলোৱে চিন্তা কৰা উচিত৷ ভূপেনদাৰ সংগীতৰ এই ধাৰণাটোৱে আজি ভাৰতক দৰিদ্র, প্রান্তীয়, দলিত আৰু জনজাতীয় সম্প্রদায়ৰ জীৱন উন্নত কৰাৰ প্রচেষ্টাত পথ প্রদর্শক হৈ আছে৷ সুধাকণ্ঠক ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ মহান নায়ক আখ্যা দি প্রধানমন্ত্রীয়ে পুনৰ কয়– দশক দশক পূর্বে যেতিয়া উত্তৰ–পূব অৱহেলাৰ সন্মুখীন হৈছিল, হিংসা আৰু বিচ্ছিন্নতাবাদৰ মাজত আবদ্ধ হৈছিল, তেতিয়া ভূপেনদাই ভাৰত ঐক্যৰ গীত গাইছিল৷ ভূপেনদাই সমৃদ্ধিশালী উত্তৰ–পূবৰ সপোন দেখিছিল আৰু অঞ্চলটোৰ প্রাকৃতিক সৌন্দর্যৰ গীত গাইছিল৷
মোদীয়ে পুনৰ সুধাকণ্ঠৰ ‘নানা জাতি উপজাতি’ কলি আওৰাই কয়– এই গীতটোৱে অসমৰ বৈচিত্র্য, শক্তি আৰু সম্ভাৱনাক লৈ গৌৰৱ অনুভৱ কৰোৱায়৷ অৰুণাচল প্রদেশৰ প্রতি ভূপেনদাৰ আছিল বিশেষ মৰম৷ দৰাচলতে সমগ্র উত্তৰ–পূবৰ বাবে সপোন দেখিছিল ভূপেনদাই৷ অসম–অৰুণাচলক সংযুক্ত কৰা সেতুক সেয়েহে ভূপেনদাৰ নামেৰে নামকৰণ কৰা হ’ল৷ মোদীয়ে কয়– উত্তৰ–পূবত ভূপেনদাৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি দিনে–নিশাই কাম কৰি আছোঁ৷ এই অনুষ্ঠানটোৱে উত্তৰ–পূবৰ উন্নয়নৰ প্রতি চলা অভিযানৰ এক আভাস প্রতিফলিত কৰিছে৷
তেওঁ কয়– শেহতীয়াকৈ ৰাষ্ট্রীয় পর্যায়ত বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হৈছে৷ স্বাধীনতা সংগ্রামৰ সময়ত অসম আৰু উত্তৰ–পূবৰ বহু বীৰ সংগ্রামীয়ে অসাধাৰণ ত্যাগ কৰিছিল৷ আজাদী কা অমৃত মহোৎসৱৰ সময়ত চৰকাৰে উত্তৰ–পূবৰ এই স্বাধীনতা সংগ্রামীসকলৰ উত্তৰাধিকাৰ আৰু ইতিহাস পুনৰুজ্জীৱিত কৰিছে৷ আজি সমগ্র দেশে অসমৰ ইতিহাস আৰু ইয়াৰ অৱদানৰ সৈতে পৰিচিত হৈ পৰিছে৷ দিল্লীত অনুষ্ঠিত কৰা অষ্টলক্ষী মহোৎসৱৰ জৰিয়তেও অসমৰ শক্তি আৰু দক্ষতা প্রদর্শিত কৰা হৈছিল৷ সুধাকণ্ঠক ভাৰতৰত্ন প্রদানৰ প্রসংগত প্রধানমন্ত্রীয়ে কয়– ভূপেনদাক ভাৰতৰত্ন প্রদান কৰি চৰকাৰে উত্তৰ–পূবৰ আকাংক্ষা আৰু গৌৰৱক সন্মান জনাই অঞ্চলটোত ৰাষ্ট্রীয় অগ্রাধিকাৰ হিচাপে গঢ়ি তোলা হৈছে৷ উত্তৰ–পূব এতিয়া দ্রুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে৷ এই কৃতিত্বৰ আঁৰৰ ব্যক্তি হ’ল ভূপেনদা৷ উত্তৰ–পূবে সদায়ে দেশৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে৷ অঞ্চলটোৰ চহকী ইতিহাস, ইয়াৰ উৎসৱ–উদযাপন, কলা–সংস্কৃতি, প্রাকৃতিক সৌন্দর্য আৰু ঐশ্বৰিক আভাক সদায়ে দেশে অৱদান ৰূপে গ্রহণ কৰি আহিছে৷ এই অৱদানক বাদ দি আমি মহান ভাৰতৰ কল্পনা কৰিব নোৱাৰোঁ৷ দেশ বা ৰাজ্যৰ পৰিস্থিতি যিয়েই নহওক কিয়, ভূপেনদাই সদায়ে জাতিৰ গৌৰৱৰ বাবে কণ্ঠদান কৰি আহিছে৷ তেওঁৰ এই গীতত স্বদেশ প্রেমৰ মনোভাব প্রতিফলিত হৈছে৷
প্রধানমন্ত্রীয়ে ১৯৬২ চনৰ চীন–ভাৰত যুদ্ধৰ প্রসংগ উত্থাপন কৰি কয়– সেই সময়ত অসম প্রত্যক্ষভাৱে এই যুদ্ধৰ সাক্ষী আছিল আৰু সেই সময়ত ভূপেনদাই সংগীতৰ জৰিয়তে জাতিৰ সংকল্প তথা উদ্দেশ্যক স্থিৰ কৰি তুলিছিল৷ তেওঁ সেই সময়ত গীত গাইছিল– ‘শত জোৱানৰ মৃত্যু হ’ল’, এই গীতে দেশৰ জনসাধাৰণৰ মাজত নতুন শক্তিৰ সঞ্চাৰ কৰিছিল৷ প্রধানমন্ত্রী মোদীয়ে অপাৰেচন সিন্দূৰৰ প্রসংগ উত্থাপন কৰি পুনৰ কয়– ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ উদ্দেশ্যৰ প্রতি নির্ণায়ক সঁহাৰি দিছিল আৰু দেশৰ শক্তি সমগ্র বিশ্বতে প্রতিফলিত হৈছিল৷ দেশৰ কোনো শত্রু যাতে কোনো অংশতে টিকি থাকিব নোৱাৰে, সেই কথা ভাৰতে অপাৰেচন সিন্দূৰৰ জৰিয়তে স্পষ্ট কৰি দিছে৷ নতুন ভাৰতে কোনো কাৰণতে নিজৰ নিৰাপত্তা বা গৌৰৱৰ ক্ষেত্রত আপোচ নকৰে৷
প্রধানমন্ত্রীয়ে অসমৰ সংস্কৃতিৰ প্রতিটো মাত্রা উল্লেখযোগ্য আৰু অসাধাৰণ বুলি আলোকপাত কৰি কয়– অসম সংস্কৃতি, মর্যাদা, গৌৰৱ অপৰিসীম সম্ভাৱনাৰ উৎস৷ অসমৰ পৰম্পৰাগত সাজ–পোছাক, খাদ্য, পর্যটন আৰু উৎপাদিত সামগ্রীয়ে চহকী ঐতিহ্য আৰু সম্ভাৱনাৰ ক্ষেত্র হিচাপে পৰিচয় দি আহিছে৷ কেৱল ভাৰততেই নহয়, সমগ্র বিশ্বতে এই উপাদানসমূহক স্বীকৃতি দিয়াৰ প্রয়োজন আছে৷ প্রধানমন্ত্রী মোদীয়ে গৌৰৱেৰে উল্লেখ কৰে যে তেওঁ ব্যক্তিগতভাৱে অসমৰ গামোচাৰ ব্ৰেণ্ডিঙৰ প্রচাৰ কৰে৷ অসমৰ প্রতিটো সামগ্রী বিশ্বৰ চুকে–কোণে যাব লাগিব বুলি মন্তব্য কৰে৷
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী প্রসংগত প্রধানমন্ত্রীয়ে পুনৰ কয়– ভূপেনদাৰ সমগ্র জীৱন জাতিৰ প্রতি উৎসর্গিত আছিল৷ তেওঁৰ শতবার্ষিকীৰ বর্ষ উপলক্ষে আমি দেশৰ বাবে আত্মনির্ভৰশীলতাক আগুৱাই নিয়াৰ সংকল্প ল’ব লাগিব৷ ভ’কেল ফৰ লোকেল– আন্দোলনৰ ব্রেণ্ড এম্বেছাডৰ হ’বলৈ অসমৰ যুৱক–যুৱতীসকলক আহ্বান জনাই প্রধানমন্ত্রীয়ে কয়– থলুৱা সামগ্রীৰ প্রতি গৌৰৱ কৰাৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব৷ সকলোকে স্থানীয় সামগ্রী ক্রয়–বিক্রয় কৰিবলৈ আহ্বান জনাই তেওঁ কয়– আমি এই অভিযানসমূহ যিমানেই দ্রুতগতিত ত্বৰান্বিত কৰিম সিমানেই উন্নত ভাৰতৰ সপোন পূৰণ হ’ব৷
উল্লেখ্য যে এই অনুষ্ঠানতেই প্রধানমন্ত্রীয়ে ড০ ভূপেন হাজৰিকাৰ সোঁৱৰণত ভাৰতীয় ৰিজার্ভ বেংকে প্রস্তুত কৰা এটি স্মৃতি মুদ্রা উন্মোচন কৰাৰ লগতে ভূপেনদাৰ জীৱন আৰু কর্মৰ আধাৰত প্রণীত তথা দেশৰ ২১টা অন্য ভাষালৈ অনূদিত এখন গ্রন্থও আনুষ্ঠানিকভাৱে মুকলি কৰে৷ এই অনুষ্ঠানতে ভিন্ন বয়সৰ ১,২০০ শিল্পীয়ে বিশ্ববিশ্রুত শিল্পীগৰাকীৰ ১৪টা গীত আৰু এটি গীতি কবিতা সমৱেত সংগীতৰ ৰূপত পৰিৱেশন কৰে৷ অনুষ্ঠানত সুধাকণ্ঠৰ জীৱন আধাৰিত এক চমু তথ্যচিত্রও প্রদর্শন কৰা হয়৷
সাংস্কৃতিক মন্ত্রী বিমল বড়াই আদৰণী ভাষণ প্রদান কৰা জন্ম শতবার্ষিকীৰ এই অনুষ্ঠানত সুধাকণ্ঠৰ ভাতৃ সমৰ হাজৰিকায়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু, সুধাকণ্ঠৰ পুত্র তেজ হাজৰিকা, ভগ্ণী কবিতা বৰুৱাৰ লগতে সাংসদ, মন্ত্রী, বিধায়কসকল আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷