🔹 নতুন প্ৰজন্মক বিহুৰ তাৎপৰ্যৰ জ্ঞান দিবলৈ বীৰাংগনা নাট্যগোষ্ঠী-নৱজ্যোতি যুৱক সংঘৰ উদ্যোগ
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল : ব’হাগৰ বতৰা লৈ আহিছে চেনেহৰ বিহুটি। দুৱাৰডলিত এতিয়া হেঁপাহৰ ৰঙালী বিহু । ৰাজ্যৰ সৰ্বত্ৰে এতিয়া কেৱল দেখা গৈছে ব’হাগক আদৰাৰ প্ৰস্তুতি। ঢোল-পেঁপাৰ মাতত এতিয়া মতলীয়া সকলো। ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিটি মাতত নাচি উঠা জাক জাক নাচনীৰে ভৰি পৰিছে ঢকুৱাখনাৰ মৰনৈ চাপৰি। নতুন প্ৰজন্মৰ মাজত বিহুৰ বৈশিষ্ট্য প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লক্ষ্যৰে মৰনৈ চাপৰিৰ বীৰাংগনা নাট্যগোষ্ঠীৰ উদ্যোগত আৰু নৱজ্যোতি যুৱক সংঘৰ সহযোগত বাৰদিনীয়াকৈ অনুষ্ঠিত হোৱা বিহুনাচ আৰু হুঁচৰি কৰ্মশালাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। অসমীয়াৰ কৃষ্টি-সংস্কৃতি নতুন প্ৰজন্মক শুদ্ধভাৱে শিকোৱাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা কৰ্মশালাত প্ৰশিক্ষক হিচাপে বিহুৱা বসন্ত বৰুৱা, যদুমণি গোহাঁই আৰু প্ৰাঞ্জল চাংমায়ে প্ৰশিক্ষণ প্ৰদান কৰে ।
মৰনৈ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ চৌদহত অনুষ্ঠিত হোৱা হুঁচৰি আৰু বিহুনাচ কৰ্মশালাত অঞ্চলটোৰ অর্ধশতাধিক নাচনীক বিহুনাচৰ আৰু ৪০ৰো অধিক শিশু-কিশোৰক হুঁচৰিৰ প্ৰশিক্ষণ দিয়া হয়। আজি এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজনেৰে বিহু কৰ্মশালাৰ সামৰণি পেলায়। কৰ্মশালাৰ সামৰণী অনুষ্ঠানত বহুসংখ্যক বিশিষ্ট অতিথি আৰু অভিভাৱক-অভিভাৱিকা আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই কৰ্মশালাৰ জৰিয়তে উঠি অহা প্ৰজন্মই যাতে বিহুৰ সৈতে চিনাকি হৈ অসমীয়া জাতি আৰু অসমৰ সংস্কৃতিক জীয়াই ৰাখিব পাৰে, তাৰে কামনা কৰে আয়োজক সমিতিয়ে। সামৰণী অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ-প্ৰত্ৰ প্ৰদান কৰে উদ্যোক্তা সমিতিয়ে।
প্ৰেৰক পুলকজ্যোতি বৰা