নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল অসমলৈ আহিলে বাকীখিনি কংগ্রেছীয়েও বিজেপিত যোগদান কৰিব

🔹 কংগ্রেছৰ যুৱৰাজক তীক্ষ্ণ কটাক্ষ মুখ্যমন্ত্রী ড০ শর্মাৰ

বিশেষ বাৰ্তা, ৪ এপ্রিল : কংগ্রেছ নেতা ৰাহুল গান্ধীক পুনৰ অসমলৈ অহাৰ আহ্বান জনাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি শিলচৰৰ বিশাল নির্বাচনী সমাৱেশ এখনৰ পৰাই মুখ্যমন্ত্রী ড০ শর্মাই ৰাহুল গান্ধীক অসমলৈ অহাৰ আহ্বান জনাই কয় যে কিছুদিন পূর্বে ৰাহুল গান্ধী অসমলৈ অহাৰ পিছতেই কমলাক্ষ দে’ পুৰকায়স্থকে ধৰি কংগ্রেছৰ বহু নেতা বিজেপিলৈ আহিল৷ এতিয়াও যিসকল কংগ্রেছতে আছে ৰাহুল গান্ধী অসমলৈ আহিলেই তেওঁলোকও বিজেপিত যোগদান কৰিব৷ সম্প্রতি গুৱাহাটীৰ ‘ৰাজীৱ ভৱন’ত একপ্রকাৰ স্ব–ঘোষিত সান্ধ্য আইনসদৃশ পৰিৱেশ চলি থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজীৱ ভৱনত এতিয়া মানুহ নায়েই৷ শিলচৰৰ কংগ্রেছ ভৱনতো এতিয়া মানুহ নাই৷ ইপিনে, প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্রীয়ে তেওঁক টার্গেট কৰা বুলি কৰা অভিযোগ সন্দর্ভত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভূপেন বৰাক মই টার্গেট কৰা নাই৷ তেওঁক মুখ্যমন্ত্রী হোৱাৰ পথহে দেখুৱাইছোঁ৷ বেয়া কথা ক’লেহে টার্গেট কৰা হয়৷ মই কাকো বেয়া কথা কোৱা নাই৷ সেইদৰে ভূপেন বৰাই নিজকে কংগ্রেছৰ ষ্টাৰ কেম্পেইনাৰ বুলি উল্লেখ কৰা সন্দর্ভতো প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়ালৈ তেওঁ কংগ্রেছৰ ষ্টাৰ কেম্পেইনাৰ হয়৷ কিন্তু ভৱিষ্যৎ কোনে দেখিছে? কংগ্রেছৰ ডাঙৰ ডাঙৰ ষ্টাৰ কেম্পেইনাৰে ইতিমধ্যে বিজেপিত যোগদান কৰিছে৷ আগদিনা টিভিত বিজেপিক গালি পাৰি পিছদিনা বিজেপিত যোগদান কৰা কংগ্রেছৰ বহু ষ্টাৰ কেম্পেইনাৰক সকলোৱে দেখি আছে৷ গতিকে কাৰ গেৰাণ্টী কোনে ল’ব? ইপিনে, ভূপেন বৰাই ৰাইজৰ পৰা চান্দা ল’বই বুলি কৰা মন্তব্যৰ প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চান্দা তেওঁ ল’ব পাৰে৷ ২০০০ টকাৰ ওপৰত ল’লে চেকত ল’ব লাগিব৷ নগদ ল’ব নোৱাৰে৷ ২০০০ টকাৰ তলতহে তেওঁ নগদ চান্দা ল’ব পাৰে৷ চান্দা সংগ্রহ কৰাটো ভাল৷ কিন্তু নিয়ম মতে কৰাটো ভাল৷ নির্বাচন আয়োগেও তেওঁক সুধিব চান্দা চেকত লৈছে নে নগদ লৈছে?

You might also like