নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপীড়িতলৈ  বান সাহায্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ 

নিয়মীয়া বাৰ্তা, ১৯ জুন: পানেৰী সমষ্টিৰ অন্তৰ্গত ২নং ৰৌমাৰী, মানকাচাৰ আৰু জগন্নাথঝাৰৰ বানপীড়িতলৈ আজি খাদ্য সামগ্ৰী যোগান ধৰে পানেৰীৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । তিনিওখন গাঁৱৰ বানাক্ৰান্ত ৰাইজৰ বাবে চাউল , দাইল, আলু, তেল, নিমখ, চিৰা  ইত্যাদি খাগ্য সামগ্ৰীৰ লগতে  তিৰ্পাল যোগান ধৰে স্থানীয় বিধায়ক গৰাকীয়ে । বিধায়ক বিশ্বজিৎ দৈমাৰীৰ হৈ বানাক্ৰান্ত ৰাইজক  খাদ্য সামগ্ৰী সমুহ প্ৰদান কৰে দলীয়-নেতা কৰ্মী সকলে ।খৈৰাবাৰী মণ্ডল বি জে পিৰ সভাপতি নৃপেন দেৱনাথ,  গৈবাৰী  ভি চি ডি চিৰ অধ্যক্ষ সঞ্জয় কুমাৰ দেৱনাথ আৰু খৈৰাবাৰী মণ্ডল যুৱ মৰ্চাৰ উপসভাপতি নাৰায়ণ দেৱনাথৰ নেতৃত্বত যোৱা এটা  প্ৰতিনিধি দলে আজি এই খাগ্য সামগ্ৰী সমুহ প্ৰদান কৰে ।

প্ৰেৰক ধীৰেন মহলীয়া 

You might also like