নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ প্রার্থী তালিকা প্রকাশ : দুই বিধানসভা–দুই ৰাজ্যসভাৰ আসনত উপ–নির্বাচনৰ সম্ভাৱনা

🔹 বর্তমানৰ মুঠ ৫গৰাকী সাংসদ দলীয় টিকটৰ পৰা বঞ্চিত

🔹 প্রথমবাৰৰ বাবে মুঠ ৫গৰাকীয়ে লাভ কৰিলে লোকসভাৰ টিকট

বিশেষ বাৰ্তা, ২ মার্চ : আসন্ন লোকসভা নির্বাচনত বিজেপি দলে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া ১১খন আসনৰ প্রার্থী তালিকা আজি প্রকাশৰ লগে লগে দুটা বিধানসভা সমষ্টি আৰু দুখন ৰাজ্যসভাৰ আসনত উপ–নির্বাচন হোৱাৰ সম্ভাৱনীয়তা প্রকট হৈ পৰিছে৷ আসন্ন লোকসভা নির্বাচনৰ বাবে বিজেপি দলে শিলচৰৰ আসনখনত ধলাই সমষ্টিৰ বিধায়ক তথা মন্ত্রী পৰিমল শুক্লবৈদ্যক আৰু শোণিতপুৰৰ আসনখনৰ বাবে বিহালী সমষ্টিৰ বিধায়ক, প্রাক্তন মন্ত্রী ৰঞ্জিত দত্তক দলীয় প্রার্থিত্ব আগবঢ়াইছে৷ সেইদৰে দুই ৰাজ্যসভাৰ সাংসদ ক্রমে কেন্দ্রীয় মন্ত্রী তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক ডিব্রুগড়ৰ আসনখনত আৰু কামাখ্যা প্রসাদ তাছাক কাজিৰঙাৰ আসনখনত দলীয় টিকট দিয়া হৈছে৷ এতিয়া তেওঁলোক লোকসভা নির্বাচনত জয়ী হোৱাৰ লগে লগে নির্বাচনী ফলাফল ঘোষণাৰ ছমাহৰ ভিতৰত উল্লেখিত দুটা বিধানসভা সমষ্টি আৰু ৰাজ্যসভাৰ আসন দুখনত উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ আনহাতে, আজি ঘোষিত প্রার্থী তালিকাত দেখা গৈছে বর্তমানৰ মুঠ ৫গৰাকী সাংসদ এইবাৰ দলীয় টিকটৰ পৰা বঞ্চিত হৈছে৷ তেওঁলোক হৈছে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী (ডিব্রুগড়), কুইন ওজা (গুৱাহাটী), পল্লৱলোচন দাস (শোণিতপুৰ), হৰেনছিং বে’ (ডিফু) আৰু ডাঃ ৰাজদীপ ৰয় (শিলচৰ)৷ ইয়াৰ বিপৰীতে এইবাৰ প্রথমবাৰৰ বাবে মুঠ ৫গৰাকীয়ে লোকসভাৰ টিকট লাভ কৰিছে৷ তেওঁলোক হৈছে– বিজুলী কলিতা মেধি (গুৱাহাটী), সুৰেশ বৰা (নগাঁও), অমৰছিং তিছ’ (ডিফু), ৰঞ্জিত দত্ত (শোণিতপুৰ) আৰু পৰিমল শুক্লবৈদ্য (শিলচৰ)৷

You might also like