নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আন্দোলন-বিবর্জিত অসমত আন্দোলনৰ পৰিৱেশ নির্মাণ নকৰিব’

🔹 ‘কা’ আন্দোলনক লৈ মুখ্যমন্ত্রীৰ আহ্বান

বিশেষ বাৰ্তা, ২ মার্চ : লোকসভা নির্বাচনৰ প্রাক্ক্ষণত কেন্দ্রীয় চৰকাৰে ‘কা’ বলৱৎ কৰাৰ বাবে আৰম্ভ কৰা তৎপৰতাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ ‘কা’ৰ বিৰোধিতাৰে ইতিমধ্যে একাধিক দল–সংগঠনে আন্দোলন কৰাৰো হুংকাৰ দিছে৷ সেয়াই নহয়, সদৌ অসম ছাত্র সন্থাকে ধৰি একাংশ সংগঠনে ‘কা’ৰ বিৰোধিতাৰে আন্দোলনৰ কার্যসূচীও ঘোষণা কৰিছে৷ নির্বাচনৰ প্রাক্ক্ষণত ৰাজ্যত সৃষ্টি হোৱা এনে আন্দোলনমুখী পৰিৱেশক লৈ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া প্রকাশ কৰে৷ মুখ্যমন্ত্রীৰ আহ্বান– অসমত এতিয়া আন্দোলন-বিবর্জিত পৰিৱেশ সৃষ্টি হৈছে ৷ এটা ভাল পৰিৱেশ অহাৰ সময়ত আন্দোলনৰ পৰিৱেশ নির্মাণ নকৰিব৷ উল্লেখ্য যে ২০১৯ চনত সংসদত উত্থাপন হোৱা ‘কেব’ক লৈ ৰাজ্যত সৃষ্টি হৈছিল ভয়ংকৰ পৰিৱেশ৷ সমগ্র অসমতে ‘কেব’ৰ বিৰোধিতাৰে ৰূপায়ণ হোৱা আন্দোলনে যথেষ্ট হিংসাত্মক পৰিৱেশৰো সৃষ্টি কৰিছিল৷ যি পৰিস্থিতিত আৰক্ষীৰ গুলীত ৫জনকৈ লোক নিহত হ’ব লগা হৈছিল৷ তেনে পৰিৱেশৰ পাছত বিগত দীর্ঘ সময় অসমত আন্দোলন-বিবর্জিত এক পৰিৱেশ সৃষ্টি হৈছে৷ এনে সময়তে পুনৰ ‘কা’ক লৈ দল–সংগঠনে আহ্বান জনোৱা আন্দোলনে স্বাভাৱিকতে পৰিস্থিতি কিছু অস্থিৰ কৰি তুলিছে৷ লোকসভা নির্বাচনৰ প্রাক্ক্ষণত সেয়েহে এনে পৰিৱেশ এৰাই চলাৰ বাবে আজি মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনোৱাৰ লগতে আন্দোলনৰ পৰিৱর্তে উচ্চতম ন্যায়ালয়ত ‘কা’ৰ বিৰোধিতাৰে যুক্তি প্রদর্শনৰ আহ্বান জনায়৷ সংবাদ মাধ্যমৰ আগত সমগ্র বিষয়টো সন্দর্ভত মুখ্যমন্ত্রীৰ মন্তব্য– অসমত ‘কা’ক সমর্থন কৰা আৰু ইয়াৰ বিৰোধিতা কৰা দুইপ্রকাৰৰ লোক আছে৷ গতিকে আমি কোনো পক্ষকে সমালোচনা কৰিব নোৱাৰোঁ৷ বহু বছৰ পূর্বে অসমত আইএমডিটি আইনক লৈ বিৰোধিতা চলিছিল৷ পৰৱর্তী সময়ত এই আইনখনক উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল৷ কোনো আন্দোলন নোহোৱাকৈ এই আইনখন বাতিল হৈছিল৷ সেয়েহে মই ব্যক্তিগতভাৱে আহ্বান জনাও যে ‘কা’ক বিৰোধিতা কৰাসকলে উচ্চতম ন্যায়ালয়লৈ যাওক৷ ইতিমধ্যে ইয়াৰ বিৰোধিতাৰে আবেদন দাখিল হৈছে উচ্চতম ন্যায়ালয়ত৷ যিহেতু আইনখনৰ ৰুল প্রস্তুত হোৱা নাই, সেয়েহে আবেদনখন পঞ্জীয়ন হোৱা নাই৷ আবেদন পঞ্জীয়ন হ’লেই যুক্তি–তর্ক চলিব আৰু ন্যায়ালয়ে চূড়ান্ত ৰায় দিব৷ অসমত জানি শুনি আইন–শৃংখলা ব্যাহত কৰাৰ পৰিৱর্তে ‘কা’ৰ বিৰোধিতা কৰাসকলে আইএমডিটিৰ উদাহৰণ মনত পেলোৱা উচিত৷ উচ্চতম ন্যায়ালয়ত আইএমডিটিৰ বিৰুদ্ধে যুক্তি দর্শোৱাৰ বাবে আইনখন বাতিল হ’ল৷ মই আহ্বান জনাওঁ– মেট্রিক, উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি আছে৷ বহু দিনৰ পিছত অসমত ভাল পৰিৱেশ আহিছে৷ আন্দোলন-বিবর্জিত পৰিৱেশৰ সৃষ্টি হৈছে৷ গতিকে ইয়াত আন্দোলন নকৰি উচ্চতম ন্যায়ালয়ত যুক্তি দর্শাওক৷ আপোনালোকৰ মনৰ কথা কওক৷ উচ্চতম ন্যায়ালয় নিৰপেক্ষ স্থান৷ গতিকে ন্যায়ালয়ে আপোনালোকৰ যুক্তি শুনিব৷ মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো কয়– ‘কা’ৰ বিৰোধিতা কৰাসকলক মই সন্মান কৰোঁ৷ কিন্তু আন্দোলনৰ পৰিৱেশ এটা নির্মাণ নকৰিব৷ মুখ্যমন্ত্রী হিচাপে মই আহ্বানহে জনাব পাৰোঁ৷ গণতান্ত্রিক দেশত সকলোৰে অধিকাৰ আছে৷ কিন্তু এবাৰ বিবেকক সুধি চাওক৷ উল্লেখ্য যে ‘কা’ৰ ৰুল প্রস্তুত কৰাৰ বাবে ইতিমধ্যে সাজু হৈছে কেন্দ্রীয় চৰকাৰ৷ সমগ্র বিষয়টোক লৈ আছু, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, অসম জাতীয় পৰিষদকে ধৰি কেইবাটাও সংগঠনে ‘কা’ৰ বিৰুদ্ধে সবল প্রতিবাদ তথা আন্দোলন হ’ব বুলি ইতিমধ্যে হুংকাৰ দিছে৷ এনে সময়তে মুখ্যমন্ত্রীয়ে জনোৱা এনে আহ্বান যথেষ্ট তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷

You might also like