নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ

ডিজিটেল ডেস্ক, ৯ এপ্ৰিল : অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাইজৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰে। বিশ্বজিৎ দৈমাৰী ৪৩নং তামুলপুৰ বিধানসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী।

গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫নং শুৱাগপুৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ভোটকেন্দ্ৰত পত্নী আৰু দুই কন্যাৰ সৈতে পুৱাই আহি ভোটদান কৰে বিশ্বজিৎ দৈমাৰীয়ে। বৰষুণৰ মাজতে ভোটদান সাব্যস্ত কৰে বিশ্বজিৎ দৈমাৰীয়ে।

ভোটদানৰ পিছতে বিশ্বজিৎ দৈমাৰীয়ে ভোটদান কৰাটো প্ৰতিজন নাগৰিকৰ অধিকাৰে নহয়, ই এক দায়িত্ব বুলি মন্তব্য কৰে। তামুলপুৰৰ প্ৰাৰ্থী হিচাপে তামুলপুৰ সমষ্টিত ভোট দিব নোৱাৰা সন্দৰ্ভতো NDAৰ প্ৰাৰ্থীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।

You might also like