নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত বিজেপি-কংগ্ৰেছৰ তীব্ৰ প্ৰচাৰ যুদ্ধ

অসমৰ আধ্যাত্মিক আৰু ৰাজনৈতিক প্ৰাণকেন্দ্ৰ মাজুলীত বিধানসভা নিৰ্বাচনৰ পাৰাস্তম্ভই এতিয়া তুংগত আৰোহণ কৰিছে। বিশেষকৈ ৯৮নং মাজুলী (অ.জ.জা) সমষ্টিত এইবাৰ এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত পোৱা গৈছে।

জিলাখনৰ প্ৰতিটো চুক-কোণলৈ এতিয়া নিৰ্বাচনী প্ৰচাৰৰ জোৱাৰ উঠিছে। শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ-উভয় পক্ষই নিজৰ শক্তি প্ৰদৰ্শন কৰি জিলাখনৰ সকলো স্তৰৰ ভোটাৰৰ কাষ চাপিবলৈ সক্ষম হৈছে।

শাসকীয় বিজেপিৰ প্ৰাৰ্থী ভুবন গামৰ বাবে এই নিৰ্বাচন এক বিশেষ অগ্নিপৰীক্ষা। ২০২২ চনৰ উপ-নিৰ্বাচনৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ তেওঁ এইবাৰো উন্নয়নৰ ইছ্যুক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।

লক্ষণীয় যে, বিজেপিৰ প্ৰতিখন নিৰ্বাচনী সভাতে এতিয়া দেখা গৈছে এক বিশেষ দৃশ্য— কংগ্ৰেছৰ বহুসংখ্যক সক্ৰিয় সদস্য আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে একেলগে বিজেপিত যোগদান কৰিছে। নিৰ্বাচনৰ ঠিক আগে আগে হোৱা এই দল-ত্যাগে মাজুলীৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।

ইয়াৰ ফলত মিত্ৰজোটৰ সাংগঠনিক শক্তি অধিক বৃদ্ধি পোৱাৰ বিপৰীতে কংগ্ৰেছৰ বাবে ই এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। মিত্ৰদল অসম গণ পৰিষদ (AGP) আৰু সন্মিলিত গণশক্তিৰ কৰ্মীসকলে নদীকাষৰীয়া গাঁওসমূহৰ পৰা আৰম্ভ কৰি মিচিং অধ্যুষিত অঞ্চললৈকে ব্যাপক প্ৰচাৰ চলাই চৰকাৰী আঁচনিৰ সফলতাক ঢাল হিচাপে ব্যৱহাৰ কৰিছে।

ইফালে, এসময়ৰ কংগ্ৰেছৰ অভেদ্য দুৰ্গ মাজুলীত এইবাৰ দলটোৱে যুৱ নেতা ইন্দ্ৰনীল পেগুক প্ৰক্ষেপ কৰি নিৰ্বাচনী যুঁজখন অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। যোৰহাটৰ সাংসদ তথা অসম কংগ্ৰেছৰ শক্তিশালী মুখ গৌৰৱ গগৈয়ে নিজে মাজুলীত বাহৰ পাতি প্ৰায় প্ৰতিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে।

দলীয় কৰ্মীৰ দল-ত্যাগৰ মাজতো কংগ্ৰেছে চৰকাৰী বিৰোধী ঢৌ আৰু বিশেষকৈ নদী দ্বীপটোৰ চিৰদিনীয়া সমস্যা ‘ভূমি খহনীয়া’ক মূল ইছ্যু হিচাপে লৈ জনসাধাৰণৰ ওচৰলৈ গৈছে। তৃণমূল পৰ্যায়ত কংগ্ৰেছ কৰ্মীসকলে এইবাৰ ‘পৰিৱৰ্তন’ৰ শ্ল’গান লৈ ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে।

মাজুলীত জনজাতীয় ভোটৰ বিভাজনে প্ৰতিবাৰেই ফলাফল নিৰ্ধাৰণ কৰি আহিছে। ইয়াৰ মাজতে এস ইউ চি আই (কমিউনিষ্ট) দলৰ প্ৰাৰ্থী ভাইটি ৰিছংৰ প্ৰচাৰেও গুৰুত্ব লাভ কৰিছে। জিলা প্ৰশাসনে নিৰপেক্ষ নিৰ্বাচনৰ বাবে সাজু হোৱাৰ সময়তে মাজুলীৰ সচেতন ভোটাৰে উন্নয়ন নে পৰিৱৰ্তনক সঁহাৰি দিব, সেয়া এতিয়াও কুঁৱলীৰ আৱৰ্তত।

অৱশ্যে এফালে মিত্ৰজোটৰ শক্তি প্ৰদৰ্শন আৰু আনফালে কংগ্ৰেছৰ পৰা হোৱা বৃহৎ যোগদানৰ ঘটনাই বৰ্তমান ভুবন গামৰ পাল্লা কিছু গধুৰ কৰি তুলিছে বুলি চৰ্চা চলিছে।

নিয়মীয়া বাৰ্তা, নতুন বজাৰ, ২৬ মাৰ্চ

You might also like