নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাক ভেলীত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী ৰণদুন্দুভি

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ আজি উত্তৰ কৰিমগঞ্জৰ ভটগ্ৰামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। আগন্তুক নিৰ্বাচনত বৰাক উপত্যকাৰ বিজেপি প্ৰাৰ্থী আৰু এগৰাকী অগপ প্ৰাৰ্থীৰ প্ৰচাৰক লৈ আয়োজন কৰা এই বিশাল জনসভাত লাচিত বৰফুকন আৰু নেতাজীক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়।

বৰাকবাসীক সম্বোধন কৰি সমাগত অসমৰ নিৰ্বাচনী প্ৰচাৰ বৰাকৰ পৰাই আৰম্ভ কৰাৰ কথা উল্লেখ কৰে মোদীয়ে। মোদীয়ে কয় যে অসমৰ প্ৰৱেশ দ্বাৰ বৰাক আৰু বিজেপিৰো প্ৰৱেশ দ্বাৰ বৰাক। ভাষণত মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ উন্নয়নৰ মূলমন্ত্ৰ আগত ৰাখি অসমত বিজেপিয়ে কাম কৰি যোৱাৰ কথা উল্লেখ কৰি কংগ্ৰেছক আক্ৰমণ কৰি এই দলত নেতাও নাই, নীতিও নাই বুলি কটাক্ষ কৰে।

কংগ্ৰেছ চৰকাৰৰ নীতিয়ে অসমক সামাজিক, সাংস্কৃতিক, ভৌগোলিক আৰু ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত কৰা বুলি সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। নাগৰিকক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপি দলৰ এটা নীতি আৰু এটা ভাল উদ্দেশ্য আছে বুলি উল্লেখ কৰি কংগ্ৰেছে ‘ভোট বেংকৰ ৰাজনীতি’ কৰা বুলি অভিযোগ তোলে।

You might also like