নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী পৌৰসভা গঠন বিজেপিৰঃ পৌৰসভাৰ ১৬টা ৱাৰ্ডৰ নৱনিৰ্বাচিত ৱাৰ্ড আয়ুক্তসকলৰ শপত গ্ৰহণ সম্পন্ন

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ডা৹ দেৱময় সান্নালক অধ্যক্ষ আৰু আইভিলতা ৰায়ক উপাধ্যক্ষৰূপে লৈ আজি ধুবুৰী পৌৰসভা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। সেই উপলক্ষে ধুবুৰী পৌৰসভাত আয়োজিত শপথ গ্ৰহণ অনুষ্ঠানত পৌৰসভাৰ ১৬টা ৱাৰ্ডৰ নৱনিৰ্বাচিত ৱাৰ্ড আয়ুক্তসকলে শপথ গ্ৰহণ কৰে। ধুবুৰীৰ চক্ৰ বিষয়া অভিজিৎ গগৈৰ উপস্থিতিত ধুবুৰী পৌৰসভাৰ প্ৰাক্তণ অধ্যক্ষা পুষ্প মালোই ১৬ গৰাকী ৱাৰ্ড আয়ুক্তক শপত বাক্য পাঠ কৰোৱায়। উল্লেখ্য যে, সদ্য সমাপ্ত এইবেলিৰ পৌৰ নিৰ্বাচনত ধুবুৰীৰ ১৬টা ৱাৰ্ডৰ ১১টাতেই বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠাতাৰে একেৰাহে তৃতীয়বাৰৰ বাবে ধুবুৰী পৌৰসভা দখল কৰিছে বিজেপিয়ে। ইপনি শপত গ্ৰহণ কৰি ধুবুৰী পৌৰসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ডা৹ দেৱময় সান্নালে উপস্থিত সাংবাদিকৰে হোৱা কথা–বতৰাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক ধন্যৱাদ জ্ঞাপন কৰে। লগতে ধুবুৰী চহৰৰ সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ তেখেতৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলিও দোহাৰে ডা৹ সান্নালে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like