নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী মহাবিদ্যালয়ৰ প্ৰথম গ্ৰন্থমেলাত লেখক-পাঠকৰ আড্ডাঃ উপস্থিত বিশিষ্ট কবি ড০ বিজয় শংকৰ বৰ্মন আৰু গল্পকাৰ মণিকা দেৱী

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ মাজুলী মহাবিদ্যালয় প্ৰথম গ্ৰন্থমেলাৰ তৃতীয় দিনটোত ‘লেখক-পাঠক’ৰ আড্ডা শীৰ্ষক এক অভিনৱ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশিষ্ট কবি ড০ বিজয় শংকৰ বৰ্মন আৰু গল্পকাৰ মণিকা দেৱী এই অনুষ্ঠানত উপস্থিত থাকি দৰ্শকক আপ্লুত কৰি তোলে । মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াৰ শুভাৰম্ভ কৰা অনুষ্ঠানটি পৰিচালনা কৰে অধ্যাপক ড০ দেৱভূষণ বৰাই । প্ৰায় দুঘন্টাজুৰি আয়োজিত হোৱা অনুষ্ঠানটিত উপস্থিত বিভিন্নজনে অন্তৰংগভাৱে বিশিষ্ট ব্যক্তি দুজনৰ লগত মত বিনিময় কৰি পৰিৱেশটি জীপাল কৰি তোলে । সাহিত্যৰ বিভিন্ন দিশ সামৰি হোৱা এই আলোচনাৰ মাজতে অধ্যক্ষ ড০ শইকীয়াৰ আগ্ৰহত কবি বিজয় শংকৰ বৰ্মনে নিজৰ অন্যতম জনপ্ৰিয় কবিতা ‘বাপা’ পাঠ কৰি সকলোকে আনন্দিত কৰে । আনহাতে পুৱাৰ ভাগত গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি কণ কণ শিশুসকলৰ বাবে আয়োজিত ‘সাধু কোৱা প্ৰতিযোগিতা’ত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি উদ্যোক্তাসকলক উৎসাহিত কৰে । প্ৰাক্তন অধ্যাপিকা আৰতি বৰা আৰু অধ্যাপিকা গীতা গোস্বামী বিচাৰক হিচাপে উপস্থিত থকা প্ৰতিযোগিতাখনিৰ ক শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে ধ্ৰুৱীধন্যা হাজৰিকা, স্মিতাননা শইকীয়া, আইলেণ্ড আৰু অন্বেষা বৰুৱাই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে হেমাংগ বিশ্ব শৰ্মা আৰু প্ৰিন্সিপ্ৰিয়া চাংমাজীয়ে । খ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে জ্যোতিস্মান বৰা, ময়ূৰাক্ষী বৰুৱা, অভিনৱ আকাশ শইকীয়া, সুদক্ষিণা বৰা (তিনিওজন) আৰু আয়ুস্মান শৰ্মাই । আনহাতে ৬ এপ্ৰিলত আয়োজিত ৰচনা প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে মানস প্ৰতিম শইকীয়া, আস্থাজীনা হাজৰিকা আৰু প্ৰাচুৰ্য বৰুৱাই । আনহাতে খ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে শবনম সমৰ্পিত শইকীয়া, শাশ্বত শইকীয়া (যুটিয়াভাৱে প্ৰথম), কাশ্মীৰী ভূঞা আৰু দীপু দাসে ।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like