অসমৰ ৰাজনীতিত এক ডাঙৰ চমক সৃষ্টি কৰি ভূপেন কুমাৰ বৰা আৰু প্ৰদ্যুত বৰদলৈয়ে এইবাৰ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে। পূৰ্বে দুয়োজনেই কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতা হিচাপে পৰিচিত আছিল। তেওঁলোকৰ এই সিদ্ধান্তই ৰাজ্যৰ ৰাজনৈতিক সমীকৰণত উল্লেখযোগ্য পৰিৱৰ্তন আনিব বুলি ধাৰণা কৰা হৈছে।
উল্লেখ্য যে ভূপেন কুমাৰ বৰাই বিহপুৰীয়াৰ পৰা আৰু প্ৰদ্যুত বৰদলৈয়ে দিছপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে। ভূপেন বৰাৰ বিহপুৰীয়া গৃহ সমষ্টি হোৱাৰ বিপৰীতে প্ৰদ্যুত বৰদলৈয়ে এইবাৰ উজনিৰ ৰাজনীতিৰ পৰা আহি গুৱাহাটীৰ এটা সন্মানীয়া দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব।
মন কৰিবলগীয়া হব দুয়োজনৰ নিৰ্বাচনী ফলাফল। কিয়নো বহুকেইগৰাকী চৰ্চিত নেতাক এৰি দুয়োগৰাকী নেতাই টিকট লাভ কৰিলে।
ডিজিটেল ডেস্ক, ১৯ মাৰ্চ