নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ প্ৰাৰ্থী তালিকাত কটা গ’ল বহু টিকটপ্ৰত্যাশীৰ নাম

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। এই তালিকাই ৰাজ্যৰ ৰাজনীতিত যথেষ্ট আলোড়ন সৃষ্টি কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ তালিকাত কেইবাগৰাকীও বৰ্তমানৰ বিধায়কে দলীয় টিকট লাভ কৰিব নোৱাৰিলে, যাৰ ফলত দলৰ ভিতৰতে অসন্তুষ্টিৰ সুৰ শুনা গৈছে।

টিকট কটাৰ কাৰণ বুলি চিহ্নিত হৈছে- নতুন মুখ আৰু যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ, নিৰ্বাচনী কৌশলৰ অংশ হিচাপে দলৰ বৃহৎ পৰিৱৰ্তন আৰু কিছুমান সমষ্টিত অপ্রত্যাশিত সিদ্ধান্ত। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই সিদ্ধান্তই বিজেপিৰ ভিতৰত অন্তৰ্দলীয় চাপ বৃদ্ধি কৰিব পাৰে, যদিও দলটোৱে নতুন কৌশলেৰে নিৰ্বাচনত আগবাঢ়িবলৈ চেষ্টা কৰিছে।

উল্লেখ্য যে টিকট নোপোৱা বিধায়কসকলে পৰৱৰ্তী পদক্ষেপ কি লয়, সেয়া এতিয়া গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে।

আজি ঘোষিত তালিকাত নাম কাট খোৱাসকলৰ তালিকা-

  • অতুল বৰা
  • অমিয় কুমাৰ ভূঞা
  • হেমাংগ ঠাকুৰীয়া
  • ৰামকৃষ্ণ ঘোষ
  • অজয় কুমাৰ ৰায়
  • প্ৰমোদ বৰঠাকুৰ
  • সিদ্ধাৰ্থ ভট্টাচাৰ্য
  • মিহিৰ কান্তি সোম
  • দ্বীপায়ন চক্ৰৱৰ্তী
  • নোমল মমিন
  • বিদ্যা সিং ইংলেং
  • নিহাৰ ৰঞ্জন দাস
  • হাফলং নন্দিতা গাৰ্লোচা

উল্লেখ্য যে সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰাক্তন বিজেপিৰ সভাপতি, নোমল মমিন বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আৰু নন্দিতা গাৰ্লোচা কেবিনেট মন্ত্ৰী আছিল।

ডিজিটেল ডেস্ক, ১৯ মাৰ্চ

You might also like