নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূবত পদুমৰ জয়যাত্ৰা : ত্ৰিপুৰা-নাগালেণ্ডত বিজেপিৰ চৰকাৰ 

বিশেষ বাৰ্তা, ২ মার্চঃ ত্রিপুৰাত পুনৰ বিজেপিৰ চৰকাৰ৷ ২০১৮ চনত প্রথমবাৰৰ বাবে ত্রিপুৰাত বাওপন্থী চৰকাৰক উৎখাত কৰি শাসনলৈ গাদীলৈ অহা বিজেপি নেতৃত্বাধীন এনডিএই আজি ঘোষিত বিধানসভা নির্বাচনৰ ফলাফলত চৰকাৰ গঠনৰ মেজিক সংখ্যা অতিক্রম কৰি পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাটো নিশ্চিত৷ ঘোষিত ফলাফল অনুসৰি ৬০জনীয়া বিধানসভাত বিজেপিয়ে ৩২ খন আসনত জয়লাভ কৰি চৰকাৰ গঠন কৰাৰ বাবে প্রয়োজনীয় মেজিক সংখ্যা ৩১ অতিক্রম কৰে৷ কমিউনিষ্ট পার্টী অৱ ইণ্ডিয়া (এম)–এ ১১খন আসন, ভাৰতীয় জাতীয় কংগ্রেছে তিনিখন, আইপিএফটিয়ে এখন আৰু নতুন আঞ্চলিক দল তিপ্রা ম’থা পার্টীয়ে ১৩খন আসন লাভ কৰে৷ লক্ষণীয় যে মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছে ৰাজ্যখনত অধিকাংশ সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিলেও এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল৷ কংগ্রেছে তিনিখন আসন লাভ কৰে৷ তিপ্রা ম’থাই তীব্র প্রত্যাহ্বান জনাই ১৩খন আসনেৰে দ্বিতীয় স্থান লাভ কৰে৷ কেন্দ্রীয় গৃহমন্ত্রীৰ পৰা বিজেপিৰ ৰাষ্ট্রীয় সভাপতিৰ লগতে অসমৰ মুখ্যমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ মাৰাথন নির্বাচনী প্রচাৰে ২০২৩ চনৰ ত্রিপুৰা বিধানসভা নির্বাচনতো বিজেপিৰ বিজয়ধ্বজ্বা উৰিল৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৩৩টা সমষ্টিত ৩৩খন বিশাল সমাৱেশৰ লগতে দুটা ৰোডশ্ব’ত অংশগ্রহণেৰে ভোটাৰক উৎসাহিত কৰি বিজেপিৰ সপক্ষে জোৱাৰ তোলে৷ ২৫০০ কিলোমিটাৰ পথ পৰিভ্রমণ কৰি নির্বাচনী প্রচাৰ চলাইছিল ড০ শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নির্বাচনী ৰণনীতি আৰু প্রচাৰে ত্রিপুৰাত পুনৰ বিজেপিক ক্ষমতাত অধিষ্ঠিত কৰালে বুলি নির্বাচনী বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছে৷

নাগালেণ্ডৰ বিজেপি–এনডিপিপি চৰকাৰ

নাগালেণ্ডত পুনৰ বিজেপি–এনডিপিপি চৰকাৰ৷ ৬০জনীয়া নাগালেণ্ড বিধানসভাত আজি ঘোষিত ফলাফলত শাসকীয় বিজেপি–এনডিপিপি মিত্রজোঁটে ৩৭খন আসনেৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ চৰকাৰ গঠনৰ প্রয়োজনীয় মেজিক সংখ্যা ৩১ অতিক্রম কৰি শাসকীয় মিত্রজোঁটৰ বিজেপিয়ে ১২ আৰু এনডিপিপিয়ে ২৫খন আসন লাভ কৰি মুঠ ৩৭খন আসন লাভ কৰিবলৈ সক্ষম হয়৷ ঘোষিত ফলাফলত নির্দলীয়ই ৪, জনতা দল (ইউ)–এ এখন, লোক জনশক্তি পার্টী (ৰামবিলাস) ২, নগা পিপুলছ ফ্রণ্ট ২, নেচনেল পিপুলছ পার্টী ৫, নেচনেলিষ্ট কংগ্রেছ পার্টী ৭, আৰপিআই (আঠাৱলে)–এ দুখন আসন লাভ কৰে৷ নাগালেণ্ডৰ মুখ্যমন্ত্রী তথা এনডিপিপিৰ মুৰব্বী নেইফিও ৰিঅ’ পঞ্চমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্রী হ’ব৷ লক্ষণীয় যে এইবেলি নির্বাচনত প্রথমবাৰৰ বাবে দুগৰাকী মহিলা বিধায়ক নির্বাচিত হৈছে৷ নাগালেণ্ডে পূর্ণাংগ ৰাজ্যৰ স্বীকৃতি পোৱাৰ ৬০ বছৰ পিছত মহিলা জনপ্রতিনিধি বিধানসভালৈ নির্বাচিত হৈ ইতিহাস সৃষ্টি কৰে৷

You might also like