নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ দিন ঘোষণা মুখ্যমন্ত্ৰীৰ

অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতাৰ মাজতে বুধবাৰে বিজেপিয়ে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। দলীয় সূত্ৰ অনুসৰি একেদিনাই বিজেপিৰ লগতে মিত্ৰ দলসমূহৰ প্ৰাৰ্থীৰ নামো ৰাজহুৱা কৰা হ’ব।

জানিব পৰা মতে, এই তালিকাত ৰাজ্যৰ সকলো ১২৬টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। যদি দুই এটা থাকিও যায়, সেয়া পিছত মিলামিছা কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে বুধবাৰে আবেলি নতুন দিল্লীত বিজেপিৰ সংসদীয় কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকতে প্ৰাৰ্থী তালিকাত চূড়ান্ত ছীল মোহৰ মাৰিব দলৰ কেন্দ্ৰীয় নেতৃত্বই।

বৈঠক সমাপ্ত হোৱাৰ পিছত নিশাৰ ভাগত অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া বিজেপি আৰু মিত্ৰ দলসমূহৰ প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

উল্লেখ্য যে কংগ্ৰেছে ইতিপূৰ্বে দুখন তালিকা প্ৰকাশ কৰাৰ বিপৰীতে ৰাইজৰ দলে দুখন তালিকা, এআইইউডিএফে এখন তালিকা প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক, ১৬ মাৰ্চ

You might also like