নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধিঙত বিজেপিৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ মন্ত্ৰী পীয়ূষ হাজৰীকাৰ

🎯এআইইউডিএফৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ বিজেপিত যোগদান
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ  : নগাঁও জিলাৰ ধিং মাঠখলা বজাৰ খেলপথাৰত আজি ৯নং নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত সভাত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকি কয় যে মই আজি নিশ্চিতভাৱে কব পাৰো নগাঁও লোকসভা সমষ্টিৰ পৰা এইবাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা জিকিব। কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দুয়োটা দলেই এইবাৰ বেয়াকৈ পৰাভূত হব। কিয়নো প্ৰদ্যুত বৰদলৈক মানুহে বেয়া পায়। তেওঁ নগাঁৱৰ ৰাইজৰ কাৰণে একো কাম নকৰিলে। নগাঁৱৰ প্ৰতি তেওঁ কোনো আন্তৰিকতাও নাই। মাথোঁ নিৰ্বাচনৰ সময়ত বসন্তৰ কুলিৰ দৰে নগাঁৱলৈ আহে। নগাঁৱৰ সকলো ৰাইজে তেওঁক এতিয়া ভাল নাপায়, সংখ্যালঘুৱেই হওক সংখ্যাগুৰুৱেই হওক, গতিকে তেওঁ এইবাৰ নিশ্চিতভাৱে হাৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আমি ধিং, লাহৰীঘাট আৰু ৰূপহী সকলোৰে কাম কৰিছোঁ, কাম আমি যেতিয়া সকলোৰে কৰিছো ভোট আমি বিচাৰিম। আগতে আমাক সংখ্যালঘুসকলে বেছি ভোট দিয়া নাছিল, তেতিয়াও আমি কাম কৰিছো।অৱশ্যে এইবাৰ বিজেপিক ভোট দি নৰেন্দ্র মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰক তথা সুৰেশ বৰাক জয়ী কৰাওক ধিঙৰ পৰা লাহৰীঘাটলৈ অসম মালা ৰাস্তা বনাম বুলি উল্লেখ কৰে। উক্ত সভাতে ৰূপহী সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে আজি বহু কৰ্মী লগত লৈ বিজেপিত যোগদান কৰে। সভাত বিজেপিৰ নগাঁও জিলাৰ সভাপতি অভিজিৎ নাথ, প্ৰাক্তন বিধায়ক গৌতম বৰা, মোবাৰক আলী পাঠান আৰু ধিং পৌৰসভাৰ পৌৰ নেত্ৰী প্ৰিয়ংকা নায়কৰ, অগপৰ নগাঁও জিলা সম্পাদক যতীন নাথ, যুবত কলিতাৰ লগতে বিজেপিৰ বহু বিষয়ববীয়া উপস্থিত থাকে ।
প্ৰেৰক মুকুল কলিতা
You might also like