নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪খন আসনতে জিকিব এনডিএৰ প্ৰাৰ্থী : অতুল বৰা

🎯কোকৰাঝাৰত ইউপিপিএল-অগপৰ বৈঠক
🎯শান্তি , নিৰাপত্তা আৰু উন্নয়ন হল নিৰ্বাচনী ইচ্ছু : প্ৰমোদ বড়ো 
ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ২৯ মাৰ্চ : ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জিকাবলৈ ইউপিপিএল দলে উঠিপৰি লাগিছে। প্ৰতিদিনে ইউপিপিএলৰ সভাপতি তথা বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে বিভিন্ন ৰাজনৈতিক- অৰাজনৈতিক দল-সংগঠনৰ নেৰ্তৃবৰ্গৰ সৈতে সঘনাই বৈঠকত মিলিত হৈছে। ইয়াৰে অংশস্বৰূপে আজি কোকৰাঝাৰত মিত্ৰদল অগপৰ সতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো। কোকৰাঝাৰৰ চন্দ্ৰপাৰাস্থিত প্ৰমোদ বড়োৰ বাসভৱনৰ প্ৰেক্ষাগৃহত আজি আয়োজিত হোৱা ৰুদ্ধদ্বাৰ বৈঠকত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, অগপৰ জেষ্ঠ্য নেতা ভূপেন বৰাকে ধৰি বিটিচিৰ ৯টা বিধানসভা সমষ্টিৰ অগপৰ নেতা-কৰ্মীসকল উপস্থিত আছিল। উক্ত বৈঠকত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত কৰাৰ বাবে অগপ আৰু ইউপিপিএলে পণ লয় আৰু বিভিন্ন ৰণকৌশল গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। ইপিনে অগপ আৰু ইউপিপিএলৰ বৈঠকৰ অন্তত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত কৰাৰ বাবে ঐক্যবদ্ধভাৱে যুঁজ দিব বুলি মন্তব্য কৰিছে । প্ৰমোদ বড়োক প্ৰশংসা কৰি তেওঁৰ নেৰ্তৃত্বতে অঞ্চলটোত শান্তি, নিৰাপত্তা আৰু উন্নয়ন সম্ভৱ হৈছে বুলি মন্তব্য কৰিছে অতুল বৰাই। সাংবাদিকৰ এক প্ৰশ্নত্তোৰত অতুল বৰাই অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত ১১খন বিজেপিয়ে, ২খন অগপই আৰু এখন ইউপিপিএলে অৰ্থাৎ ১৪খন আসনেই এনডিএই লাভ কৰিব বুলি মন্তব্য কৰিছে অগপৰ সভাপতি অতুল বৰাই। ইপিনে মন্ত্ৰী কেশৱ মহন্তই সংবাদমাধ্যমৰ আগত প্ৰমোদ বড়োৰ নেৰ্তৃত্বতে জাতি -জনগোষ্ঠীৰ মাজত সমন্বয় আহিছে বুলি মন্তব্য কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে। আনহাতে বৈঠকৰ অন্তত ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই এইবেলি শান্তি , নিৰাপত্তা আৰু উন্নয়ন মূল নিৰ্বাচনী ইচ্ছু হ’ব বুলি সদৰী কৰিছে। দশকৰ পিছত দশক ধৰি অশান্তজৰ্জৰ হৈ থকা অঞ্চলটোত এতিয়া শান্তি-সম্প্ৰীতি-ভাতৃত্ববোধ-নিৰাপত্তা বিৰাজ কৰিছে। জনসাধাৰণে নিজকে সুৰক্ষিত অনুভৱ কৰিছে। পূৰ্বতে হত্যা-হিংসা-ভাবুকি, ভাতৃঘাতী সংঘৰ্ষ, জাতিগত সংঘৰ্ষই জনজীৱন অস্থিৰ কৰি তুলিছিল আৰু একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই বিপিএফে উক্ত গুৰুতৰ সমস্যাসমুহ আওকান কৰিছিল বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। জনতাই শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ বাবেই এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰাব বুলিও মন্তব্য কৰিছে প্ৰমোদ বড়োৱে।
প্ৰেৰক শুকুৰ আকন্দ
You might also like