ডিজিটেল ডেস্ক, ৪ এপ্ৰিল : অসমত বিজেপি নেতৃত্বাধীন এন ডি এই বৃহৎ বিজয়ৰ দিশে অগ্ৰসৰ হৈছে। অসমত ছুনামি সৃষ্টিৰে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন এন ডি এই পুনৰ ক্ষমতা দখল কৰাটো নিশ্চিত হৈ পৰিছে । শেহতীয়া তথ্য অনুসৰি, ১২৬জনীয়া অসম বিধানসভাৰ মেজিক নম্বৰ অতিক্ৰম কৰি বিজেপি নেতৃত্বাধীন এন ডি এই ৯৯খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ ২৫খন আসনত আগবাঢ়ি আছে ।
ইতিমধ্যে বিজেপিৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰা বুলি জনা গৈছে। ইয়াৰ ভিতৰত জাগীৰোড সমষ্টিৰ পীয়ূষ হাজৰিকাই ৯০,০০০তকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। ধেমাজিৰ বিজেপি প্ৰাৰ্থী ৰণোজ পেগুৱে ৩২০০০তকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। একেদৰে যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামী, গোলাঘাটত অজন্তা নেওগ, মাজুলীত ভুবন গাম, খুমটাইত বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই জয়লাভ কৰাৰ খবৰ পোৱা গৈছে। এইসকল প্ৰাৰ্থীৰ জয়লাভৰ কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী ।