ডিজিটেল ডেস্ক, ৪ মে’ : অসমৰ ৰাজনৈতিক প্রেক্ষাপটত আজি এটা গুৰুত্বপূর্ণ দিন হিচাপে চিহ্ণিত হৈছে৷ শাসক–বিৰোধী উভয় শিবিৰৰ ব্যাপক তৎপৰতা তথা সকলো ৰাজনৈতিক সমীকৰণ আৰু জল্পনা–কল্পনাৰ ওৰ পেলাই আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
এইবাৰৰ বিধানসভা নিৰ্বাচনৰ এক আকৰ্ষণীয় সমষ্টি হ’ল যোৰহাট। যোৰহাট সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
সমষ্টিটোত দুই তীব্ৰ যুঁজ হ’ব বুলি অনুমান কৰা হৈছিল যদিও নৱম ৰাউণ্ডৰ ভোটগণনালৈ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ বৃহত ব্যৱধানত পিছপৰি আছে। শেহতীয়া তথ্য অনুসৰি, যোৰহাট সমষ্টিত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে অগ্ৰগতি লাভ কৰিছে। যোৰহাট সমষ্টিত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৪২,২৩০টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে লাভ কৰিছে ২৮,৮৮৬টা ভোট। নৱম ৰাউণ্ডৰ ভোটগণনালৈ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী ১৩,৩৪৪টা ভোটত আগবাঢ়ি আছে।