বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰঃ আজি বিশ্বনাথত বিজেপিৰ কৃষক মৰ্চাৰ উদ্য়োগত বিশ্বনাথ কৃষি বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত কৃষি বিষয়ক আলোচনা, ৰবি শস্যৰ বীজ বিতৰণ, পি এম কিষাণ, জিলাখনৰ চৰকাৰৰ দ্বাৰা ধান ক্ৰয় বিক্ৰয়ক কৃষকক সজাগতা লৈ আলোচনা, ফচল বীমা যোজনাক লৈ কৃষকৰ মাজত সজাগতা আদি বিভিন্ন বিষয়ত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এখন সভা অনুষ্ঠিত হয়। এই সভাত কৃষক ৰাইজৰ মাজত উল্লেখিত বিষয়ত পুংখানুপুংখ আলোচানা কৰাৰ লগতে কৃষকৰ সুবিধাৰ্থে বিভিন্ন দিহা-পৰামৰ্শ দিয়া হয়। উক্ত আলোচনাত ভাগ লয় বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ নাগটে, কৃষি বিশ্ববিদ্যালয়ৰ ডীন ড° ৰমেন্দ্ৰ নাথ বৰ্মন, কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰা, ৰাজ্যিক উপ-সভাপতি ক্ৰমে ৰঞ্জিত ভট্টাচাৰ্য্য, মৃণাল শইকীয়া, ৰাজ্যিক সম্পাদক ভাস্কৰ হাজৰিকা, ৰাজ্যিক সদস্য ক্ৰমে ৰাজীৱ শৰ্মা, হৃষিকেশ কলিতা, শোণিতপুৰৰ জিলা সভাপতি নিলাক্ষ শৰ্মা, জিলা কৃষি বিষয়া দীপক ব্ৰহ্ম আৰু স্থানীয় কৃষি বিষয়াকে ধৰি ভালেমান কৃষি বিষয়ববীয়া উপস্থিত থাকে। বিজেপিৰ কৃষক মৰ্চাৰ তৰফৰ পৰা কৃষকসকলক সকলো ধৰণৰ সহায়-সহযোগ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায় উক্ত আলোচনা চক্ৰত।