নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ ধাৰাবাহিক পৰাজয়ৰ পাছত দলীয় অন্তঃকলহৰ চৰম ফল ভুগিছে কংগ্ৰেছে। আজি যেন তাৰেই প্ৰতিফলন ঘটিল। প্রাক্তন কংগ্রেছী মন্ত্রী বিস্মিতা গগৈ, অসম প্রদেশ যুৱ কংগ্রেছৰ প্রাক্তন সভানেত্রী অংকিতা দত্তই যোগ দিলে বিজেপিত। লগতে বিজেপিত যোগ দিলে আছুৰ প্রাক্তন সভাপতি দীপাংক কুমাৰ নাথ, উপদেষ্টা প্রকাশ দাসেও। আনহাতে অসম বিধানসভাৰ প্রাক্তন উপাধ্যক্ষ দিলীপ কুমাৰ পাল, অজাপৰ বজালী জিলাৰ সভাপতি ফণী পাঠককে ধৰি বিভিন্ন দল-সংগঠনৰ ৭০০তকৈও অধিক ব্যক্তিয়ে আজি বিজেপিত যোগদান কৰে৷ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্যালয়ত অনুষ্ঠিত হয় এই কাৰ্যসূচী। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্রী পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিধায়ক দিগন্ত কলিতা, মানৱ ডেকাকে ধৰি বিজেপিৰ শীর্ষ নেতৃত্ব উপস্থিতি থাকে। যোগদান কার্যসূচীত দললৈ নতুনকৈ অহা প্রতিগৰাকী ব্যক্তিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কাম-কাজত আকৃষ্ট হৈয়ে বিজেপি দলত যোগদান কৰাৰ কথা উল্লেখ কৰে৷
Next Post
You might also like