নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি বিধায়কে যোগ দিব মহাজোঁটত

মহাজোঁটত হর্ছ ট্রেডিঙৰ কচৰৎঃ আজমলৰ পিছতে কৰিমউদ্দিন বৰভূঞাৰ দাবী

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ বিজেপিৰ হর্ছ ট্রেডিঙৰ শংকাত থৰকাছুটি হেৰুৱাই মহাজোঁটৰ অংশীদাৰ দল এ আই ইউ ডি এফ আৰু বি পি এফৰ প্রার্থীসকলক ৰাজস্থান আৰু ছত্তিশগড়ৰ বিলাসী হোটেলত কংগ্রেছে আতিথ্য প্রদান কৰি একেলগে ৰাখিছে৷ দল দুটাৰ কোনো প্রার্থীৰ সৈতে বিজেপিয়ে যোগাযোগ কৰিলে লগে লগে যাতে মহাজোঁটৰ নেতৃত্ব অৱগত হ’ব পাৰে, তাৰেই সতর্কতামূলক ব্যৱস্থা হিচাপে এই পদক্ষেপ গ্রহণ কৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ পৰা আৰম্ভ কৰি কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়ায়ো বিজেপিয়ে হর্ছ ট্রেডিং কৰাৰ শংকা ব্যক্ত কৰিছে৷ তেওঁলোকৰ মতে, বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰা সত্ত্বেও অকল হর্ছ ট্রেডিঙৰ জৰিয়তে গোৱা, মধ্যপ্রদেশ, কর্ণাটক, মণিপুৰ, অৰুণাচল প্রদেশ আদিত চৰকাৰ গঠন কৰিছে৷ ৰাজস্থানতো হর্ছ ট্রেডিঙৰ জৰিয়তে চৰকাৰ কৰাৰ চেষ্টা কৰিছিল যদিও সফল নহ’ল৷ সেয়ে অসমতো এইবাৰ বিজেপিয়ে হর্ছ ট্রেডিঙৰ জৰিয়তে চৰকাৰ কৰাৰ চেষ্টা চলাব বুলি শংকা ব্যক্ত কৰে৷ তাৰেই সাৱধানতা হিচাপে আগতীয়াকৈ মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফ আৰু বি পি এফৰ প্রার্থীসকলক ৰাজ্যৰ বাহিৰত একেলগে ৰখাৰ ব্যৱস্থা কৰিছে৷ কংগ্রেছ নেতৃত্বৰ এনে ভাষ্যৰ বিপৰীতে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে এইবাৰ মহাজোঁটেহে হর্ছ ট্রেডিং কৰিব বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছে৷

যোৱা ৯ এপ্রিলত আজমলে সংবাদ মাধ্যমৰ আগত অতি স্পষ্টভাৱে ‘এইবাৰ হর্ছ ট্রেডিং আমি কৰিম’ বুলি মন্তব্য কৰে৷ আজমলৰ পাছত সোণাই সমষ্টিৰ এ আই ইউ ডি এফৰ প্রার্থী কৰিমউদ্দিন বৰভূঞায়ো এইবাৰ মহাজোঁটেহে হর্ছ ট্রেডিং কৰিব বুলি মন্তব্য কৰিছে৷ অহা ২০ এপ্রিলত সোণাই সমষ্টিৰ এটা ভোটকেন্দ্রত পুনৰ ভোট হ’বলগীয়াৰ পৰিপ্রেক্ষিতত জয়পুৰৰ পৰা উভতি অহা বৰভূঞাই আজি সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিৰ ভাল গ্রুপ এটা বর্তমান তেওঁলোকৰ সংস্পর্শত আছে৷ বিজেপিৰ সেই গোটটোৱে তেওঁলোকৰ সৈতে পূর্ণ যোগাযোগত আছে৷ তেওঁ আৰু কয় যে অহা ২ মে’ৰ নির্বাচনী ফলাফলৰ পাছতেই বিজেপিৰ বহু বিধায়ক মহাজোঁটলৈ আহিব৷ তেওঁলোকৰ সৈতে বর্তমান যোগাযোগ চলি আছে আৰু মহাজোঁটলৈ অহাত আগ্রহ প্রকাশ কৰিছে৷ ফলাফলৰ পাছতেই তেওঁলোকে মহাজোঁটত যোগদান কৰিব৷

ইয়াৰ বিপৰীতে এ আই ইউ ডি এফ বা মহাজোঁটৰ পৰা কোনো বিজেপিলৈ নাযায়৷ আজমল আৰু কৰিমউদ্দিন বৰভূঞাৰ সেই ভাষ্যই কার্যতঃ এ আই ইউ ডি এফ আৰু মহাজোঁটেহে যে এইবাৰ হর্ছ ট্রেডিঙৰ বাবে কঁকালত টঙালি বান্ধিছে, সেই কথাকে স্পষ্ট কৰে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে নির্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতেই কৰিমগঞ্জ দক্ষিণ সমষ্টিৰ অগপ প্রার্থী আজিজ খানৰ সৈতে এখন বৈঠকতো মিলিত হয়৷ আজমলৰ আমন্ত্রণমর্মে অগপ প্রার্থীগৰাকী তেওঁৰ ঘৰলৈ আহি বৈঠকত বহিছিল৷ ইপিনে মহাজোঁটৰ এক সূত্রৰ পৰা জানিব পৰা মতে, বৰাক আৰু পশ্চিম অসমৰ বহু নির্দলীয় আৰু ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ একাংশ অগপ প্রার্থীৰ সৈতে কংগ্রেছ আৰু এ আই ইউ ডি এফে ভিতৰি ভিতৰি যোগাযোগ অব্যাহত ৰাখিছে৷ বিশেষকৈ দুই দলৰ মাজত হোৱা মিত্রতাৰ বাবে প্রার্থিত্বৰ পৰা বঞ্চিত হৈ নির্দলীয় হিচাপে যুঁজত অৱতীর্ণ হোৱা প্রার্থীসকল নির্বাচনত জয়ী হৈ আহিলে তেওঁলোকক যাতে মহাজোঁটলৈ আনিব পাৰি, তাৰ চেষ্টা অব্যাহত ৰাখিছে৷ একেদৰে ধর্মীয় সংখ্যালঘুৰ আৱেগ–নুভূতিৰে অগপৰ একাংশ সংখ্যালঘু সম্প্রদায়ৰ প্রার্থীকো নিজৰ পক্ষলৈ অনাৰ ভিতৰি ভিতৰি প্রচেষ্টা অব্যাহত ৰাখিছে৷ অৱশ্যে মিত্রজোঁটৰ প্রার্থীক মহাজোঁটে হর্ছ ট্রেডিং কৰিবলৈ বাস্তৱত কিমানদূৰ সফল হয়, সেয়া অহা ২ মে’ৰ পাছতহে ক’ব পৰা যাব৷ কিন্তু বদৰুদ্দিন আজমল, কৰিমউদ্দিন বৰভূঞাই এইবাৰ তেওঁলোকেহে হর্ছ ট্রেডিং কৰিব বুলি দিয়া হুংকাৰে অসমৰ ৰাজনীতিত তেওঁলোক যে ঘৃণনীয় অধ্যায়ৰ সূচনা কৰিবলৈ সাজু, সেই কথাই প্রতীয়মাণ কৰিছে৷
জয়পুৰৰ পৰা উভতি আহিল এআইইউডিএফৰ প্রার্থী কৰিমউদ্দিন বৰভূঞাঃ সোণাইৰ এটা কেন্দ্রত পুনৰ ভোট
দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হৈ যোৱা ৰাতাবাৰী সমষ্টিৰ এটা, সোণাই সমষ্টিৰ এটা আৰু হাফলং সমষ্টিৰ দুটা ভোটকেন্দ্রত অহা ২০ এপ্রিলত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ সোণাই সমষ্টিৰ ১০৯নং ভোটকেন্দ্রত (৪৬৩নং মধ্য ধনেহাৰী প্রাথমিক বিদ্যালয়) হ’বলগীয়া পুনৰ ভোটগ্রহণৰ বাবে সমষ্টিটোৰ এ আই ইউ ডি এফৰ প্রার্থী কৰিমউদ্দিন বৰভূঞা জয়পুৰৰ পৰা উভতি আহিছে৷ উল্লেখ্য যে যোৱা শুকুৰবাৰে এ আই ইউ ডি এফৰ অন্যান্য প্রার্থীসকলৰ লগতে বৰভূঞাও জয়পুৰলৈ উৰা মাৰিছিল আৰু যোৱা তিনিটা দিন জয়পুৰৰ পঞ্চতাৰকাযুক্ত বিলাসী ৰিজ’ট এখনত বাহৰ পাতি আছিল৷ কিন্তু নির্বাচন আয়োগে সমষ্টিটোৰ এটা কেন্দ্রত পুনৰ ভোটৰ ব্যৱস্থা কৰাত তেওঁ জয়পুৰ এৰি উভতি আহিবলগীয়া হয়৷ অসমত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফৰ প্রার্থীগৰাকীয়ে কয় যে তেওঁৰ বন্ধুসকলৰ লগতে দলটোৰ সকলো প্রার্থী প্রকৃততে জয়পুৰলৈ ফুৰিবলৈহে গৈছে৷ সংবাদ মাধ্যমত প্রকাশ পোৱাৰ দৰে হর্ছ ট্রেডিঙৰ ভয়ত তেওঁলোক জয়পুৰলৈ যোৱা নাই৷ জয়পুৰলৈ যোৱা তেওঁলোকৰ বন্ধুসকলে আজমেৰ শ্বৰীফো দর্শন কৰিব৷ যোৱা তিনিটা দিনত জয়পুৰতে কিছু ফুৰা–চকা কৰাৰ বাহিৰে বিশেষ ঘূৰা–ফুৰা হোৱা নাই বুলি জানিবলৈ দি তেওঁ কয় যে ৰাজস্থানত এতিয়া প্রচণ্ড গৰম৷ বিশেষ ঘূৰা–পকা কৰিব পৰা নাই৷

You might also like