নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ পৰৱর্তী মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্রা

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ  দেশৰ পৰৱর্তী মুখ্য নির্বাচন আয়ুক্ত (চিইচি)ৰ দায়িত্ব প্রদান কৰা হ’ল নির্বাচন আয়ুক্ত সুশীল চন্দ্রাক৷

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰক, সুনীল অৰোৰাৰ পৰা মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাৰ কাৰ্যকাল ১২ এপ্ৰিলত সমাপ্ত হৈছিল। আৰোৰাৰ পাছতে আয়োগত আটাইতকৈ জ্যেষ্ঠ আয়ুক্ত হিচাপে দায়িত্ব পালন কৰি আছে চন্দ্রাই৷

স্মর্তব্য যে ২০১৯ৰ লোকসভা নির্বাচনৰ পূর্বে চন্দ্রাক নির্বাচন আয়োগৰ আয়ুক্তৰ দায়িত্ব প্রদান কৰা হৈছিল৷

You might also like