নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ১২ সমষ্টিত যুঁজিবলৈ সাজু বিজেপি : মিত্রদললৈ লোকসভাৰ দুখন আসন

🔹 ২৮ ফেব্রুৱাৰীত সম্ভাব্য তালিকা লৈ দিল্লীলৈ মুখ্যমন্ত্রী ড০ শর্মা–সভাপতি ভৱেশ কলিতা

বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰী : মিত্র দললৈ দুটা সমষ্টি এৰি লোকসভা নির্বাচনত ১২টা সমষ্টিত প্রতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছে ৰাজ্যিক বিজেপি৷ এই লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে গঠন কৰিছে লোকসভা সমষ্টিৰ প্রার্থীৰ তালিকা প্রস্তুতকৰণৰ বাবে কমিটী৷ উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে ৰাজ্যৰ ১২টা লোকসভা সমষ্টিৰ বাবে দুজনকৈ নেতাৰ দায়িত্বত গঠন কৰিছে ১২খন কমিটী৷ মুখ্যতঃ এই কমিটীয়ে প্রতিটো সমষ্টিৰ বাবে গঠন কৰিব প্রার্থী তালিকা৷ লক্ষণীয়ভাৱে বিজেপিয়ে বৰপেটা আৰু কোকৰাঝাৰক বাদ দি গঠন কৰা কমিটীৰ পাছতেই এই দুটা সমষ্টি মিত্রদল অগপ আৰু ইউপিপিএলক এৰি দিয়াটো প্রায় স্পষ্ট হৈ পৰিছে৷ ৰাজ্যিক বিজেপিয়ে গঠন কৰা এই কমিটীয়ে অহা ২৭ ফেব্রুৱাৰীত সম্ভাব্য প্রার্থীৰ তালিকা প্রস্তুত কৰি জমা দিব বাজপেয়ী ভৱনত৷ কমিটীসমূহৰ প্রার্থী তালিকা লৈ অহা ২৮ ফেব্রুৱাৰীত দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা৷ উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে প্রস্তুত কৰা ১২টা সমষ্টিৰ দায়িত্বত আছে ক্রমে– যোৰহাট সমষ্টিৰ বাবে জয়ন্ত মল্ল বৰুৱা, পুলক গোহাঁই, ডিব্রুগড় সমষ্টিৰ বাবে ৰঞ্জিত কুমাৰ দাস, মনোজ বৰুৱা, লখিমপুৰ সমষ্টিৰ বাবে সঞ্জয় কিষাণ, ৰূপক শর্মা, কাজিৰঙাৰ সমষ্টিৰ বাবে পীয়ূষ হাজৰিকা, পল্লৱলোচন দাস, শোণিতপুৰ সমষ্টিৰ বাবে যোগেন মহন, অজয় কোঁৱৰ, নগাঁও সমষ্টিৰ বাবে কামাখ্যা প্রসাদ তাছা, ৰেখাৰাণী দাস বড়ো, শিলচৰ সমষ্টিৰ বাবে নন্দিতা গার্লোছা, জয়ন্ত কুমাৰ দাস, কৰিমগঞ্জ সমষ্টিৰ বাবে অজন্তা নেওগ, বিজুলী কলিতা মেধি, ডিফু সমষ্টিৰ বাবে ৰণোজ পেগু, দিপ্লুৰঞ্জন শর্মা, গুৱাহাটী সমষ্টিৰ বাবে পৰিমল শুক্লবৈদ্য, অজয় কোঁৱৰ, ওদালগুৰি সমষ্টিৰ বাবে চন্দ্রমোহন পাটোৱাৰী, নৱ দলে আৰু ধুবুৰী সমষ্টিৰ বাবে পৱিত্র মার্ঘেৰিটা আৰু বিজয় কুমাৰ গুপ্তা৷ মন কৰিবলগীয়া যে ৰাজ্যিক বিজেপিয়ে গঠন কৰি দিয়া এই কমিটীসমূহে প্রতিটো সমষ্টিলৈ গৈ সমষ্টিটোৰ জ্যেষ্ঠ নেতা, জিলা সভাপতি, জিলা প্রভাৰী, ব্লক সভাপতিৰ সৈতে আলোচনা কৰি প্রস্তুত কৰিব সংশ্লিষ্ট সমষ্টিটোৰ প্রার্থী তালিকা৷ ২৭ ফেব্রুৱাৰীত কমিটীসমূহে তেওঁলোকৰ সম্ভাব্য প্রার্থী তালিকা দাখিল কৰিব ৰাজ্যিক বিজেপিক৷ আৰু এই তালিকা লৈয়ে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্রী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি৷ উল্লেখ্য যে অহা ২৯ ফেব্রুৱাৰীত বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই ১০০টা সমষ্টিৰ বাবে প্রার্থীৰ তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ ৰাষ্ট্রীয় নেতৃত্বই ঘোষণা কৰিব লগা এই ১০০টা সমষ্টিৰ ভিতৰত অসমৰো কেইবাটাও সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে ২০১৯ চনৰ লোকসভা নির্বাচনত বিজেপিয়ে তিনিটা সমষ্টি অগপক, এটা বিপিএফক এৰি দি ১০টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল৷ কিন্তু এইবাৰ বিজেপিয়ে অগপ আৰু ইউপিপিএলক এটাকৈ সমষ্টি এৰি দি ১২টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব৷ বিজেপিৰ এই ১২টা সমষ্টিত অন্তর্ভুক্ত হৈ আছে ধুবুৰী আৰু কৰিমগঞ্জৰ দৰে সমষ্টিও৷ ২০১৯ চনৰ লোকসভা নির্বাচনত প্রতিনিধিত্ব কৰা প্রায় আটাইকেইজন প্রার্থীৰে নাম এইবাৰ প্রার্থী তালিকাত থকাৰ সম্ভাৱনা আছে৷ অৱশ্যে ২০১৯ চনত তেজপুৰৰ পৰা প্রতিনিধিত্ব কৰা পল্লৱলোচন দাস এইবাৰ ৰাজ্যিক বিজেপিয়ে গঠন কৰি দিয়া সমষ্টিৰ কমিটীত অন্তর্ভুক্ত হৈ থকা হেতুকে আগন্তুক নির্বাচনত পল্লৱলোচন দাসে প্রতিদ্বন্দ্বিতা নকৰাটো স্পষ্ট হৈছে৷ ইফালে, কৰিমগঞ্জ সমষ্টিৰ প্রার্থী তালিকা প্রস্তুত কৰাৰ বাবে দুগৰাকী মহিলা নেত্রীক ৰাজ্যিক বিজেপিয়ে দায়িত্ব দিয়াটোও লক্ষণীয় দিশ হিচাপে পৰিগণিত হৈছে৷ ৰাজ্যিক বিজেপিত লোকসভা নির্বাচনক লৈ আৰম্ভ হোৱা এনে তৎপৰতাৰ মাজতে কালি গুৱাহাটী আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে আবেদন দাখিল কৰে দলৰ উপ–সভাপতি জয়ন্ত কুমাৰ দাস আৰু ঋতুবৰণ শর্মাই৷ আনকি জয়ন্ত দাসে গুৱাহাটী লোকসভা সমষ্টিত দলে তেওঁক প্রার্থিত্ব দিব বুলিও আশাবাদী বুলি মন্তব্য কৰে৷

You might also like