নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ উদ্যোগক খিলঞ্জীয়াৰ উদ্যোগ হিচাপে গঢ়িব বিচাৰিছিল মণিৰাম দেৱানে

🔹 বীৰ শ্বহীদ মণিৰাম দেৱান দিৱসত ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতা

বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰী : ‘অসমৰ চাহ উদ্যোগটোক খিলঞ্জীয়াৰ উদ্যোগ হিচাপে প্রতিষ্ঠা কৰি অর্থনৈতিকভাৱে স্বাৱলম্বন কৰি তোলাৰ লক্ষ্য আছিল মণিৰাম দেৱানৰ৷’ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন আৰু অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত কালি মণিৰাম দেৱান ট্রেড চেণ্টাৰত আয়োজিত বীৰ শ্বহীদ মণিৰাম দেৱান দিৱস উপলক্ষে আয়োজিত কার্যসূচীত অংশ লৈ এনেদৰে মন্তব্য আগবঢ়ায় বিশিষ্ট সাংবাদিক তথা ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাই৷ বীৰ শ্বহীদ মণিৰাম দেৱানৰ ত্যাগ আৰু কৃতিক বিষয় হিচাপে লৈ আয়োজিত আলোচনা সত্রখনত আমন্ত্রিত অতিথিৰূপে অংশ লৈ বিশিষ্ট সাংবাদিক নৰেশ কলিতাই সংগঠনটোৰ পদক্ষেপৰ শলাগ লয়৷ বীৰ শ্বহীদ মণিৰাম দেৱান সন্দর্ভত আলোকপাত কৰি তেওঁ কয় যে অসমীয়া জাতিক চাহ খেতিৰ প্রকৃত গৰাকী হোৱাটো কামনা কৰিছিল মণিৰাম দেৱানে৷ সেইবাবেই মণিৰাম দেৱানে অসমৰ চাহ উদ্যোগটোৰ উন্নতি হোৱাটো অন্তঃকৰণেৰে কামনা কৰিছিল৷ চতুৰ ব্রিটিছে মণিৰাম দেৱানৰ এই স্বৰূপ ধৰিব পাৰিছিল আৰু সেইবাবেই তেওঁক দমন কৰাৰ বাবে উঠি-পৰি লাগিছিল৷ বিগত তিনি দশকত অসমৰ সকলো জাতি–জনগোষ্ঠীৰ মাজত ভৱিষ্যতক লৈ এক আশংকাজনিত পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি উল্লেখ কৰি বিশিষ্ট সাংবাদিক কলিতাই কয় যে এই আশংকা একেবাৰে অর্থহীন নহয়৷ স্বাধীনতাৰ পিছৰে পৰাই বাংলাদেশী আৰু নেপালৰ পৰা হোৱা প্রব্রজনে সর্বদিশতে ক্ষতি কৰিছে৷ বীৰ শ্বহীদ মণিৰাম দেৱানে সেই সময়ছোৱাতে আত্মনিয়ন্ত্রণৰ স্বাভিমানৰ সংগ্রামখন আৰম্ভ কৰিছিল৷ বীৰ শ্বহীদগৰাকীৰ আদর্শক সাৰোগত কৰি আত্মনিয়ন্ত্রণৰ সংগ্রামখন আগুৱাই নিবলৈ সকলো কলিতা জনগোষ্ঠীৰ লোকক তেওঁ আহ্বান জনায়৷ অনুষ্ঠানটোত নির্দিষ্ট বক্তা ৰূপে অংশ লৈ অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কয় যে স্বয়ং ব্রিটিছকো আচৰিত কৰি তোলা বীৰ শ্বহীদ মণিৰাম দেৱানৰ বিষয়ে অকল কলিতাসকলেই নহয়, সমগ্র অসমবাসীয়ে জনাটো প্রয়োজন৷ মণিৰাম দেৱানৰ বুদ্ধিমত্তাৰ প্রতি শংকিত হৈয়ে ইংৰাজ চৰকাৰে তেওঁক অৱদমিত কৰাৰ চেষ্টা কৰিছিল৷ বীৰ শ্বহীদগৰাকীৰ আদর্শৰে নৱপ্রজন্মক উজ্জীৱিত কৰি ভৱিষ্যতৰ বাট দেখুৱাবলৈ তেওঁ সংগঠনটোক আহ্বান জনায়৷ অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই আলোচনা সত্রখন উদ্বোধন কৰি বীৰ শ্বহীদ মণিৰাম দেৱানৰ বীৰত্বৰ ওপৰত আলোকপাত কৰে৷ অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী পালনৰ সময়ত মণিৰাম দেৱানকো সকলোৱে স্মৰণ কৰা উচিত বুলি মন্তব্য কৰি তেওঁ কয় যে ৰবার্ট ব্রুছে অসমৰ চাহ আৱিষ্কাৰ কৰিছিল৷ কিন্তু ব্রিটিছ ৰবার্ট ব্রুছক অসমৰ চাহ দেখুৱাই দিয়া মানুহজনেই আছিল মণিৰাম দেৱান৷ মণিৰাম দেৱানক যিমান কৃতিত্ব দিব লাগিছিল সিমান যেন দিয়া নহ’ল৷ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি সন্মিলনে বীৰ শ্বহীদগৰাকীৰ পূর্ণ অৱয়বৰ প্রতিমূর্তি এটা নির্মাণৰ বাবে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই অধ্যক্ষ ডেকাই অহা এবছৰৰ ভিতৰত মণিৰাম দেৱান ট্রেড চেণ্টাৰত এটা পূর্ণাৱয়ব মূর্তি স্থাপন কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা কৰি দিব বুলি প্রতিশ্রুতি দিয়ে৷ সন্মিলনৰ উপদেষ্টা গণেশ তামুলীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে সন্মিলনৰ পতাকা উত্তোলন কৰে সভাপতি ভুবনেশ্বৰ কলিতাই৷ বীৰ শ্বহীদগৰাকীৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে মুখ্য উপদেষ্টা ডাঃ পবিন্দ্র নাথ তালুকদাৰে৷ বন্তি প্রজ্বলন কৰে অসম মুক্তিযুঁজাৰু সন্মিলনীৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্র নাথ শর্মাই৷ অনুষ্ঠানটোত বিশিষ্ট সমাজকর্মী ত্রিদীপ কলিতা, জ্যেষ্ঠ নাগৰিক নৃপাল বর্মন, সন্মিলনীৰ সাধাৰণ সম্পাদক নয়ন কলিতা প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে৷

You might also like