নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুঅভিপ্রায় নথকা জৰা-ফুঁকা, তন্ত্র–মন্ত্র কৰাত কোনো বাধা নাই : ড০ শর্মা

🔹 সদনত গৃহীত বেজ–বেজালিবিৰোধী বিধেয়ক

বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰী : কালি সদনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সমর্থন কৰিলে কংগ্রেছ বিধায়ক ৰকিবুল হুছেইনে৷ আজমলৰ জৰা–ফুঁকাৰ ৰাজনীতিক লৈ মুখ্যমন্ত্রীক ১০০ শতাংশ সমর্থন আগবঢ়ালে কংগ্রেছ বিধায়কজনে৷ উল্লেখ্য যে কালি সদনত বেজ–বেজালিবিৰোধী বিধেয়কখন গৃহীত হয়৷ বিধেয়কখন উত্থাপনৰ সময়ত বিৰোধী দলপতি দেৱব্রত শইকীয়া, এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ), নির্দলীয় বিধায়ক অখিল গগৈ আদিয়ে বিধেয়কখনক লৈ বিভিন্ন ধৰণৰ সন্দেহ ব্যক্ত কৰে ৷ ইয়াৰ উত্তৰত সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১৯৫৪ চনত তেতিয়াৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে ড্রাগ্ছ এণ্ড মেজিকেল ৰিমেডি নিষিদ্ধকৰণ আইনৰ জৰিয়তে বলি–বিধান, তন্ত্র–মন্ত্র, কৱচ আদি নিষিদ্ধ কৰি গৈছে৷ আমি এনে চৰম পর্যায়ত যাব বিচৰা নাই৷ আমি তন্ত্র–মন্ত্র, জৰা–ফুঁকা আদি বন্ধ কৰিব বিচৰা নাই৷ জনজাতীয় লোকসকলৰ মাজতো বহু বিশ্বাস জড়িত হৈ আছে৷ আমি জনজাতীয় পৰম্পৰাক আঘাত কৰিব নিবিচাৰোঁ ৷ কেৱল আমি কু–অভিপ্রায় বন্ধ কৰাৰ বাবেহে এই আইনখন আনিছোঁ৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয়- এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে পানী জৰা–ফুঁকা কৰে৷ কাইলৈ তেওঁ মোৰ ঘৰত আহি মোক অসুস্থ দেখিলে জৰা–ফুঁকা কৰা পানী দিলে আপত্তি কৰিবলগীয়া নাই৷ আজমলৰ পানী লোৱাত আপত্তি নাই৷ কিন্তু তেওঁ ৰাজনৈতিক সভাত পানী জৰা–ফুঁকা কৰি ভোট খুজিলেহে আপত্তি কৰিম৷ এই বিষয়ে আজমলক অৱগত কৰিবলৈ সদনৰ সকলোকে আহ্বান জনায়৷ আজমলক আমিও ক’ম, নির্বাচনৰ সময়ত তেওঁ যাতে তেনে কাম নকৰে৷ লগে লগে কংগ্রেছ বিধায়ক ৰকিবুল হুছেইনে থিয় হৈ এইটোত আমি ১০০ শতাংশ সমর্থন কৰিছোঁ বুলি মন্তব্য কৰে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কু–অভিপ্রায় নথকা কোনোধৰণৰ জৰা–ফুঁকা, তন্ত্র–মন্ত্রত এই নতুন আইনখনত কোনো বাধা নাই৷ মানুহে নিজৰ ঘৰৰ মংগলৰ বাবে বলি–বিধান দিয়ে৷ জনজাতিসকলে সমাজৰ মংগলৰ বাবে তন্ত্র–মন্ত্র পাঠ কৰে৷ আহোমসকলৰো তেনেধৰণৰ বহু পৰম্পৰা আছে৷ এইবোৰত নতুন আইনখনত কোনো বাধা নাই৷

You might also like