নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ “সামূহিক টিকাকৰণ অভিযান” কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আজি পুৱা ৯ বজাত উলুবাৰীৰ DTRP Indoor ষ্টেডিয়ামত ৰাজ্যত হৈ থকা ক’ভিড-১৯ প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগিতা কৰাৰ অৰ্থে “সামূহিক টিকাকৰণ অভিযান” কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৪৫ৰ ঊৰ্ধ্বৰ মহিলাসকলক টিকাকৰণৰ পদক্ষেপ সফলতাৰে ৰূপায়ণ কৰা হয়। প্ৰায় ৩০০ৰো অধিক মহিলা এই টিকাকৰণ অভিযান অংশগ্ৰহণ কৰে।

ৰাজ্যিক, মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞাই এই বিষয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ “সেৱাই সংগঠন” মূলমন্ত্ৰক সাৰোগত কৰি প্ৰদেশ মহিলা মৰ্চাই ক’ভিড-১৯ মহামাৰীৰ এনে জটিল পৰিস্থিতিৰ সময়ত জনসাধাৰণক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এয়া সকলোৰে কৰ্তব্য, জনকল্যাণৰ স্বাৰ্থত আগলৈও এনেধৰণৰ কাৰ্যসূচীত সকলোৰে সহযোগিতাত লাভ কৰিব বুলি তেওঁ সংবাদ মাধ্যমৰ আশা প্ৰকাশ কৰে।

You might also like