নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ এপ্রিল, ব’হাগ মাহৰ ১৩ তাৰিখ

মেষঃ যিকোনো কামকে ভাবি–চিন্তি কৰক৷ বাঞ্ছিত ফল লাভত বাধা পাব৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনৰ লগত আলোচনা কৰক৷ বিদ্যাত সিমান নিৰাশ নহ’ব৷ শুভ সংখ্যা ২, শুভ ৰং আকাশী নীলা৷
বৃষঃ অন্তৰংগ বন্ধু–বান্ধৱীৰ লগত আনন্দ৷ অধিক কর্মবোজা পৰিলেও কিছু নিয়ন্ত্রণ কৰক৷ প্রেম–প্রীতিত খুব বেয়া নহ’ব৷ অর্থ লাভত উপকৃত হ’ব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
মিথুনঃ আর্থিকত বেয়া দেখা নাযায়৷ সাধাৰণ খৰচ–পাতি অৱশ্যে বৃদ্ধি হোৱাৰ সম্ভাৱনা৷ বিদ্যাত সাধাৰণ উন্নতি৷ যোগ্যতাৰ পুৰস্কাৰ পাব৷ প্রেম–প্রীতিত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
কর্কটঃ কর্মক্ষেত্রত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক৷ খৰচ বৃদ্ধি পাব৷ সাধাৰণ শৰীৰৰ দুশ্চিন্তা৷ দাম্পত্যত মোটামুটি সুখৰ কাৰক৷ উদ্বিগ্ণতাৰ সমাধানৰ উৎস৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷
সিংহঃ নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব৷ দিনটোত ব্যৱসায়ীসকল লেনদেন কৰোঁতে সাৱধান হ’ব৷ আর্থিক দিশত ধন হানি হোৱাৰ যোগ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
কন্যাঃ মজলীয়াভাৱে দিনটো পাৰ হ’ব৷ হঠাৎ কাৰোবাৰ লগত মতান্তৰৰ সৃষ্টি হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ ভ্রমণাদিত আর্থিক হানিৰ যোগ৷ আলহীৰ আগমন৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷
তুলাঃ পৰাপক্ষত কাকো কঠোৰ ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব৷ ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া৷ যাত্রাদিত বাধা হ’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷
বৃশ্চিকঃ ওলোটাভাৱে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত হানিব৷ আনৰ কথাত বেছি প্রাধান্য নিদিব৷ বিদ্যাত শুভ৷ দাম্পত্যত বিৰোধ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১৷
ধনুঃ অকাৰণ বা কাৰণতেই হওক কোনোৰ লগত মত বিৰোধ হোৱাৰ আশংকা৷ লেনদেনত সাৱধান থাকক৷ শৰীৰ ভালেই বুলিব পাৰি৷ ঘৰুৱা দিশত দুশ্চিন্তা নাই৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
মকৰঃ দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক৷ নতুন কোনো যোগাযোগত উৎসাহিত৷ শৰীৰত পুৰণি বেমাৰে আমনি কৰিব৷ বন্ধুবর্গৰ প্রতি সাৱধান৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
কুম্ভঃ মজলীয়া হ’লেও উন্নত৷ দূৰ যোগাযোগত বাধাপ্রাপ্ত, পেটৰ অসুখৰ কাৰক৷ বিদ্যাত নিৰাশ নহ’ব৷ ব্যৱসায়ত ঋণৰ কাৰকতা৷ প্রেমত সাধাৰণ মতান্তৰ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
মীনঃ আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা৷ কর্মক্ষেত্রত সৰু–সুৰা বাধাৰ মাজেদি অগ্রসৰ হ’ব লাগিব৷ বিদ্যাত মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

You might also like