নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ বাবে দেশলৈ ৫০,০০০ ডলাৰ সাহায্য KKRৰ পেট কামিন্সৰ, ক’লে…

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ দেশত ক্ৰমবৰ্ধমান ক’ৰোনা পৰিস্থিতিত অক্সিজেনৰ অভাৱত ভোগা ৰোগীৰ ক্ষেত্ৰত হোৱা অসহায়ক পৰিস্থিতি দেখি দেশৰ পি এম কেয়াৰ ফাণ্ডলৈ  ৫০,০০০ ডলাৰ (প্ৰায় ৩৬ লাখ)  সাহায্য আগবঢ়ালে ক্ৰিকেটাৰ পেট কামিন্সে।

কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ভাৰতত আই পি এল ক্ৰিকেট খেলি থকা বেগী বলাৰ কামিন্সে আজি সন্ধিয়া এই কথা ঘোষণা কৰে। অষ্ট্ৰেলিয়া একাদশৰ এগৰাকী অন্যতম ক্ৰিকেটাৰ পেট কামিন্সে এই ধন ক’ৰোনাত আক্ৰান্ত ৰোগীৰ বাবে অক্সিজেনৰ বাবদ খৰচ কৰাৰ বাবে বিশেষকৈ উল্লেখ কৰে।

সাহায্য ঘোষণা কৰি তেওঁ কয়- ‘খেলুৱৈ হিচাপে আমি এনে এক মঞ্চ লাভ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ, যিয়ে আমাক লাখ লাখ লোকৰ ওচৰলৈ যাবলৈ বাট মুকলি কৰি দিয়ে, যিটো আমি ভালৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। সেই কথা মনত ৰাখি মই ‘পিএম কেয়াৰ্ছ ফাণ্ড’ত অৱদান আগবঢ়াইছো, বিশেষকৈ ভাৰতৰ চিকিৎসালয়সমূহৰ বাবে অক্সিজেন যোগান ক্ৰয় কৰাৰ বাবে।’

নিজ টুইটাৰত ক্ৰিকেটাৰগৰাকীয়ে ভাৰতৰ সাম্প্ৰতিক ক’ৰোনা সংক্ৰমণৰ পৰিস্থিতিত অতি দুখ প্ৰকাশ কৰি এই সাহায্য প্ৰদান কৰাৰ বিষয়ে ঘোষণা কৰে। কামিন্সে লগতে আন ক্ৰিকেটাৰকো ভাৰতৰ এই দুৰ্যোগৰ সময়ত সাহায্য আগবঢ়োৱাৰ বাবে আহ্বান জনায়।

You might also like