নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউলীৰ জয়পুৰ বজাৰত দৰিদ্ৰ লোকক কম্বল বিতৰণ

বৰপেটা জিলাৰ হাউলীৰ ওচৰৰ জয়পুৰ অঞ্চলৰ অন্যতম সামাজিক তথা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ‘হেল্প ফাউণ্ডেচন’ৰ উদ্যোগত প্ৰচণ্ড শীতৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যে আগত ৰাখি সমাজৰ অতি দৰিদ্ৰ, দুখীয়া, বিধবা লোকৰ মাজত কম্বল বিতৰণৰ বাবে এখন গুৰুত্বপূৰ্ণ সভা আজি ফাউণ্ডেশ্বনৰ সভাপতি আব্দুল জুব্বাৰ আলীৰ পৌৰোহিত্যত জয়পুৰ বজাৰত অনুষ্ঠিত হয়।

সভাখনত উদ্দেশ্যে ব্যাখ্যা কৰে হেল্প ফাউণ্ডেশ্বনৰ সাধাৰণ সম্পাদক ছাহেদ আলী আহমেদ। উক্ত সভাত হেল্প ফাউণ্ডেচনৰ ইংৰাজী নৱবৰ্ষ ২০২৬ চনৰ কেলেণ্ডাৰ অনুষ্ঠানিক ভাৱে উন্মোচন কৰে আমছুৰ প্ৰাক্তন সভাপতি ছবিবৰ ৰহমানে।

আমছুৰ প্ৰতিষ্ঠাপক সদস্য ৰিয়াজ উদ্দিন আহমেদ, আমছুৰ উপ-সভাপতি আবুল হুছেইন, আমছুৰ প্ৰাক্তন সভাপতি ছবিবৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক খণ্ডকাৰ আব্দুল হামিদ আদিয়ে সভাখনত উপস্থিত থাকি চমু বক্তব্য আগবঢ়ায়।

সভাত জিলা আমছুৰ সভাপতি ছামিন খান, সাধাৰণ সম্পাদক ছাইদুৰ ৰহমান, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইছমাইল হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক স্বাহ আলম, হামিদ শিকদাৰ সহ অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২৫০গৰাকী দৰিদ্ৰ পুৰুষ,মহিলা মাজত কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। ফাউণ্ডেচনৰ এনে প্ৰচেষ্টাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

নিয়মীয়া বাৰ্তা, হাউলী, ৮ জানুৱাৰী

You might also like