ইৰানত প্ৰতিবাদৰ জুই : দেশজুৰি পথ অৱৰোধ-অগ্নিসংযোগ
ইৰানত চলি থকা প্ৰতিবাদে দেশখনৰ সকলো ৩১খন প্ৰদেশৰ ১১১খন চহৰ আৰু সৰু নগৰলৈকে বিস্তাৰ লাভ কৰিছে। বিভিন্ন প্ৰতিবেদন অনুসৰি, এতিয়ালৈকে কমেও ৩৪জন প্ৰতিবাদকাৰী আৰু ৪জন সুৰক্ষাকৰ্মীৰ মৃত্যু ঘটিছে। ইয়াৰ উপৰি ২,২০০জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
প্ৰতিবাদকাৰীসকলে ইৰানৰ বিভিন্ন স্থানত পথ অৱৰোধ কৰি অগ্নিসংযোগ কৰাৰ ঘটনাও সংঘটিত কৰিছে। প্ৰতিবাদ চলাকালীন সময়ত লোকসকলে “খামেনেইৰ মৃত্যু হওক” আৰু “ইছলামিক ৰিপাব্লিকৰ অন্ত হৈছে” ধৰণৰ শ্লোগান উচ্ছাৰণ কৰে। কিছুমান স্থানত প্ৰতিবাদকাৰীসকলে ক্ৰাউন প্ৰিন্স ৰেজা পাহলভীৰ সমৰ্থনতো অৱস্থান লোৱা দেখা গৈছে। তেওঁলোকে “এইটো শেষ যুঁজ, শ্বাহ পাহলভী ঘূৰি আহিব” বুলি শ্লোগান দিছিল।
বিৰোধ প্ৰদৰ্শনৰ ফলত ইৰানত সামগ্ৰিকভাৱে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে।
ডিজিটেল ডেস্ক, ৯ জানুৱাৰী