নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান-খহনীয়াত বিধ্বস্ত জোনাইৰ দহখন বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত নাই শৈক্ষিক পৰিৱেশ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্তেম্বৰঃ ধেমাজি জিলাৰ জোনাই শিক্ষা খণ্ডৰ অন্তৰ্গত দহখনকৈ বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত সুচাৰুৰূপে পাঠদান চলাই নিব পৰা শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠা নাই। আনবছৰৰ এইবাৰো লালী, বুঢ়ীসুঁতি, দিখাৰী নদীৰ বাঢ়নী পানীয়ে জোনাই শিক্ষা খণ্ডৰ অন্তৰ্গত ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ টাকাবাৰী বড়ো প্ৰাথমিক বিদ্যালয়, নামনি উলুৱনী বড়ো প্ৰাথমিক বিদ্যালয়, উলুৱনী মাজগাঁও বড়ো প্ৰাথমিক বিদ্যালয়, লংকা বড়ো প্ৰাথমিক বিদ্যালয়, বিঞ্চুপুৰ বড়ো প্ৰাথমিক বিদ্যালয়, বদলপুৰ বড়ো প্ৰাথমিক বিদ্যালয়, পাখ্ৰীগুৰী বড়ো প্ৰাথমিক বিদ্যালয়, গয়লাঘাট বড়ো প্ৰাথমিক বিদ্যালয় কেইখনৰ চৌহদত বালি,পলস পেলাই পৰিবেশ ধ্বংস কৰি পেলায়।

ইয়াৰে বিঞ্চুপুৰ বড়ো প্ৰাথমিক বিদ্যালয়, নামনি উলুৱনী বড়ো প্ৰাথমিক বিদ্যালয়, উলুৱনী মাজগাওঁ বড়ো প্ৰাথমিক বিদ্যালয়, লংকা বড়ো প্ৰাথমিক বিদ্যালয়,তাকাবাৰী বড়ো প্ৰাথমিক বিদ্যালয়, গয়লাঘাট বড়ো প্ৰাথমিক বিদ্যালয়কেইখন বৰ্তমানলৈকে জলমগ্ন হৈ আছে।আনহাতে পাখ্ৰীগুৰী বড়ো প্ৰাথমিক বিদ্যালয়, ১নং কৰ্ণপুৰ বড়ো প্ৰাথমিক বিদ্যালয়, বদলপুৰ বড়ো প্ৰাথমিক বিদ্যালয়কেইখন লালী নদীৰ বানত প্লাৱিত হৈ বিদ্যালয়ৰ পৰিৱেশ সমূলি ধ্বংস কৰি পেলায়।

ইপিনে চিয়াং নদীৰ বানত বিধ্বস্ত হৈছে জোনাই শিক্ষাখণ্ডৰ বাহিৰ জোনাই লুহিজান গাঁও পঞ্চায়তৰ অন্তৰ্গত তাৰীকছাৰী বড়ো প্ৰাথমিক বিদ্যালয়খন। চিয়াং নদীৰ প্ৰলয়ংকাৰী বানে সম্পূৰ্ণ বিধ্বস্ত কৰি পেলোৱা তাৰীকছাৰী বড়ো প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীক পাঠদান চলাই নিব পৰা শৈক্ষিক পৰিৱেশ নাই।

জোনাই শিক্ষাখণ্ডৰ অন্তৰ্গত বান-খহনীয়াত বিধ্বস্ত হোৱা আটাইকেইখন প্ৰাথমিক বিদ্যালয়ৰ চৌহদতে খেল-ধেমালি কৰিব কৰিব পৰাৰ পৰিৱেশ নাই, যাৰ ফলত কণ কণ ছাত্ৰ-ছাত্ৰীৰ শাৰিৰীক আৰু মানসিক বিকাশ সাধনৰ বাবে কোনো পৰিৱেশ নোপোৱা হৈছে।

বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি শক্তিশালী কৰি শৈক্ষিক পৰিৱেশ উন্নত কৰিবলৈ নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি চবিন স্বৰ্গীয়াৰী, ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি সুশীল বসুমতাৰী, সাধাৰণ সম্পাদক মনোজ স্বৰ্গীয়াৰী, ধেমাজি জিলা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী, জোনাই জিলা বড়ো সাহিত্য সভাৰ সভাপতি সোণেশ্বৰ বসুমতাৰী, সাধাৰণ সম্পাদক দিলিপ বসুমতাৰী, ধেমাজি জিলা আবৌফৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী,সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্মই চৰকাৰ, প্ৰশাসন আৰু জনপ্ৰতিনিধিক দাবী জনাইছে ।

You might also like